Site icon Guwahati Times

গংগাৰ পানী কিয় গোন্ধ নোলায় বা নষ্ট নহয় জানি লওক

পানী হৈছে জীৱন।এই কথা আপোনালোকে নিশ্চয় বহুবাৰ পঢ়ি শুনিছে।মানুহৰ অস্তিত্ব ৰক্ষাৰ আঁৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ চৰিত্ৰ হৈছে পানী।

পৃথিৱীৰ আধা অংশ পানীৰে-আবৃত্ত।ইয়াৰ পাছতো পৃথিৱীত পানীৰ নাটনি হৈছে।ইয়াৰ কাৰণ হল-খোৱাপানীৰ অভাৱ।আধা পানী হিমবাহত জমা হৈ থাকে।কিন্তু নদী বা হ্ৰদবোৰৰ পানী খোৱাৰ বাবে ব্যৱহাৰ কৰা হয়।কিন্তু লেতেৰাৰ বাবে ভাৰতৰ প্ৰায়বোৰ নদীৰ পানী-খোৱাৰ যোগ্য নহয়।

*ভাৰতত বহু নৈ বৈ যায়।ইয়াৰ ভিতৰত গংগা নদীৰ গুৰুত্ব অতি উচ্চ।হিন্দু ধৰ্মত গংগা নদীৰ পানী-পূজাৰ বাবে ব্যৱহাৰ কৰা হয়।কোৱা হয় যে-কোনো অশুদ্ধ বস্তুত -গংগাৰ পানী চটিয়াই দিলে-সেই বস্তু বিশুদ্ধ হৈ পৰে।ইয়াৰ বাবে-প্ৰতিঘৰ হিন্দু ঘৰতে গংগা জল ৰখা হয়।গংগা জলৰ আৰু এটা কথা জনপ্ৰিয়।অৰ্থাৎ গংগাৰ পানী কেতিয়াও নষ্ট নহয়।সাধাৰণ পানী বটলত ৰাখি ২/৩দিন ৰাখিলে বেয়া হয় যায়,আৰু গোন্ধ ওলাবলৈ ধৰে।কিন্তু গংগা জলৰ এনে নহয়।

*গংগা জলৰ লগত জড়িত গোপন কথা-

গংগাজলে কেতিয়াও নষ্ট নকৰে।গংগাজলৰ পবিত্ৰতাৰ এক বিশেষ কাৰণ আছে।আচলতে-ইয়াৰ কাৰণ হল গংগাৰ উৎপত্তি।গংগাৰ উৎপত্তি স্থল-হিমালয় পৰ্ৱতমালাৰ ওপৰত।এই ঠাইত বহু ধৰণৰ বনৌষধি আৰু খনিজ লৱণ পোৱা যায়।এই সকলোবোৰ গংগাৰ পানিৰ সংস্পৰ্শলৈ আহি গংগাৰ লগত দ্ৰৱীভূত হয়।এই বাবেই-গংগাৰ পানীত অলৌকিক গুণ পোৱা যায়।( Religious Studies)

*গংগাৰ পানীত বেক্টেৰিয়া বৃদ্ধি নহয়-

সাধাৰণ পানী-বটলত ভৰাই ৰখা হয়-কিন্তু কিছু সময়ৰ পাছত সেই পানী নষ্ট হৈ পৰে।পানীৰপৰা গোন্ধ ওলাবলৈ ধৰে।বা তাত পোক-পৰুৱা উৎপন্ন হয়।কিন্তু গংগাৰ পানীৰ ক্ষেত্ৰত এই সমস্যা দেখা পোৱা নাযায়।গংগা নদীৰ পানীত এটা ভাল ভাইৰাছ থাকে।যাৰ ফলত পানীৰ সকলো অশুদ্ধি নাইকিয়া হয়।আৰু গংগাৰ পানীত বেক্টেৰিয়া বৃদ্ধি হবলৈ নিদিয়ে।আৰু ইয়াৰ বাবে-গংগাৰ পানীৰ পৰা দুৰ্গন্ধ নোলায়। কিন্তু এতিয়া মানুহে গংগাৰ পানী-ইমান লেতেৰা কৰি পেলাইছে যে-কিছুমান ঠাইত গংগাৰ পানী ব্যৱহাৰযোগ্য নহয়।

Exit mobile version