Site icon Guwahati Times

গামোচাখনো সাৰি নগ’ল ! গামোচা বিকৃত কৰাৰ আঁৰত সাংস্কৃতিক মন্ত্ৰী বিমল বৰা !

প্ৰতিজন অসমীয়াৰ স্বাভিমানৰ প্ৰতীক গামোচা। প্ৰতিজন অসমীয়াৰ বীৰত্বৰ প্ৰতীক গামোচা। অসমীয়া সংস্কৃতিৰ প্ৰতীক গামোচা। ৰঙালী বিহুৰ প্ৰাকক্ষণত সেই গামোচাক অপমান। ধূলিস্যাত্‍ কৰিলে গামোচাৰ গৌৰৱ গাঁথাক।

বিজেপি নেতাৰ অংশগ্ৰহণত নিঃশেষ গামোচাৰ স্বাভিমান। অসমীয়াৰ স্বাভিমানক মোক্ষম আঘাত বিজেপিৰ নেতা-মন্ত্ৰীৰ। খোদ ৰণোজ পেগুৰ উপস্থিতিত ম্লান হ’ল গামোচাৰ গৰিমা।

গামোচা দুভাগ কৰিলে বাংলা সাহিত্য সভা, অসম–এ। সেই গামোচা কান্ধত লৈ অনুষ্ঠানত অংশগ্ৰহণ মন্ত্ৰী ৰণোজ পেগুৰ। বঙালী-অসমীয়া লোকৰ সম্প্ৰীতিৰ অজুহাত দি এই কাৰ্য। ফুলাম গামোচাৰ এছোৱা আৰু বঙালী গামোচাৰ এছোৱাৰ যোৰা। মন্ত্ৰী-বিধায়কক যোৰা দিয়া গামোচাৰে আদৰণি গুৱাহাটীত।

সংগঠনটোৰ এই কাৰ্যক লৈ বিভিন্ন প্ৰতিক্ৰিয়া। ধিক্কাৰ দিছে সদৌ বিটিআৰ বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যনে। গামোচা যোৰা দি বিতৰ্ক সৃষ্টি নকৰিবলৈ আহ্বান। গামোচাৰ স্বাভিমান ৰক্ষা কৰিব অসমৰ প্ৰতিজন বঙালী সম্প্ৰদায়ৰ লোকে।

গামোচা বিকৃত কৰাৰ আঁৰত সাংস্কৃতিক মন্ত্ৰী বিমল বৰা! সাংস্কৃতিক মন্ত্ৰীক প্ৰথমেই পিন্ধাইছিল বিকৃত গামোচা। উদ্যোক্তাৰ মতে নথৈ আনন্দিত হৈছিল মন্ত্ৰী বিমল বৰা। G-20 প্ৰতিনিধিৰ বৈঠকৰ বাবে বিমল বৰা বৈঠকলৈ আহিব নোৱাৰিলেও বিমল বৰাই পিন্ধিলে বিকৃত গামোচা। অসম সাহিত্য সভাৰ সভাপতি সূৰ্যকান্তৰো উদ্যোগ। সূৰ্যকান্ত হাজৰিকাই বিকৃত গামোচা পিন্ধি লভিলে আনন্দ।

সূৰ্যকান্তক হেনো এনে গামোচাহে প্ৰয়োজন অসমৰ সংস্কৃতিৰ বাবে। পাণ্ডুত অনুষ্ঠিত বাংলা সাহিত্য সভা, অসমৰ অনুষ্ঠানত এই কাণ্ড।

Exit mobile version