Site icon Guwahati Times

গুৱাহাটীত উৰুকাৰ বজাৰত ওলাইছে ৪০ কেজি ওজনৰ মাছ…

আজি হেঁপাহৰ উৰুকা। পুৱাৰে পৰা ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বজাৰত দেখা গৈছে মানুহৰ ভিৰ। বিশেষকৈ পুৱতি নিশাৰ পৰাই মাছৰ বজাৰত দেখা গৈছে মানুহৰ ব্যাপক সমাগম। সকলোৱেই সতেজ আৰু মনৰ ডাঙৰ মাছ এটা ক্ৰয় কৰাৰ আশাৰে পুৱতি নিশাই ভিৰ কৰিছে মাছৰ বজাৰত।

গুৱাহাটীৰ উজান বজাৰত পুৱতি নিশাৰ পৰাই সমাগম ঘটিছে হাজাৰ হাজাৰ ক্ৰেটাৰ। উজান বজাৰ মৎস্য ব্যৱসায়ী সন্থাই পাইকাৰী বজাৰৰ বিপৰীতে উৰুকা উপলক্ষে এখন খুচুৰা বজাৰৰো ব্যৱস্থা কৰিছে। য’ত দেখা পোৱা গৈছে বিভিন্ন আকৃতিৰ ৰৌস বৰালি, চিতল, আৰি, বাহু, শিলঘৰীয়াকে ধৰি অনেক মাছ।

এইবাৰ গুৱাহাটীৰ সৰ্ববৃহৎ মাছটো উলাইছে গণেশগুৰি বজাৰত। গণেশগুৰি বজাৰত ৪০ কেজি ওজনৰ এটা মাছ উলাইছে। এই মাছটো চাবলৈও ক্ৰেটায়ো ভিৰ কৰিছে। মাছটোৰ প্ৰতি কেজিৰ মূল্য নিৰ্ধাৰণ কৰা হৈছে ৪০ টকা।

ইয়াৰোপৰি বৰপেটা, বঙাইগাওঁ, নগাওঁ, হাজো, মৰিগাওঁ আদিৰ পৰাও গুৱাহাটীলৈ মাছৰ বেপাৰীয়ে মাছ লৈ আহিছে। হাজোৰ পৰা প্ৰায় ১২, ১৩ কিলোগ্ৰাম ওজনৰ শিলঘৰীয়া গুৱাহাটীলৈ অহাৰ বিপৰীতে বৰপেটাৰ পৰা ১৮ কেজি ওজনৰ বিগহেড মাছ লৈ অনা হৈছে গুৱাহাটীলৈ।

সমান্তৰালকৈ ফিছফেডতো দেখা গৈছে মানুহৰ ভিৰ। ফিছফেডে অন্য বজাৰৰ তুলনাতকৈ কিছু কম মূল্যত গ্ৰাহকক মাছৰ যোগান ধৰিছে। বজাৰৰ তুলনাত মাছৰ আকৃতি অনুসৰি ১০০ ৰ পৰা ২০০ টকা পৰ্যন্ত ৰেহাই মূল্যত মাছ ক্ৰয় কৰিব পাৰিছে গ্ৰাহকসকলে।

Exit mobile version