Site icon Guwahati Times

গুৱাহাটীত বাইকগৰাকী সাৱধান! চোৰৰ কৱলৰ পৰা সাৰি নগ’ল যান-বাহন শাখাৰ বিষয়াৰো বাহন!

গুৱাহাটীত ৭ দিনত ১০০ৰো অধিক বাইক চুৰি। ভয়ংকৰ ৰূপত গাড়ী চোৰৰ টাৰ্গেট সাধাৰণ জনতা। গুৱাহাটীত চোৰৰ হাতৰ পৰা সাৰি নগ’ল খোদ আৰক্ষী বিষয়াও। পোহৰলৈ আহিছে এটা বাইক চুৰি চক্ৰৰ এক ভয়ংকৰ তথ্য৷ গুৱাহাটী মহানগৰীৰ অলিয়ে গলিয়ে এতিয়া পিট-পিটাই ফুৰিছে গাড়ী চুৰি চক্ৰৰ এটা বৃহৎ গেং৷ গুৱাহাটীৰ থানাই থানাই কেৱল বাইক চুৰিৰ গোচৰ ৰুজু।

ঈদ আৰু বিহুৰ বতৰলৈ মাজত মাত্ৰ কেইটামান দিন৷ সাধাৰণ জনতা এতিয়া ব্যস্ত বিহুৰ বজাৰ, ঈদৰ বজাৰত৷ ৰাজপথৰ কাষত বাইক পাৰ্কিং কৰি বজাৰলৈ যোৱা লোকৰ বাহনত এতিয়া চকু চক্ৰটোৰ। আনকি আৰক্ষীৰ লোকো সাৰি যোৱা নাই এই চক্ৰটোৰ টাৰ্গেটৰ পৰা। প্ৰতিদিনে ১০ খনকৈও অধিক বাইক চুৰি হৈছে গুৱাহাটী মহানগৰীত। দিছপুৰ থানা এলেকাত সৰ্বাধিক বাইক চুৰিৰ ঘটনা। এটা সপ্তাহত ৫০ৰো অধিক বাইক চুৰি দিছপুৰ এলেকাত। চোৰৰ টাৰ্গেট ৰয়েল এনফিল্ড, ডিউক, FZ, Activa বাহন।

বাইক চুৰিৰ চক্ৰটোৱে চুৰি বাইক সৰবৰাহ কৰি আহিছে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশলৈ প্ৰেৰণ কৰে। মেঘালয় হৈ ডাউকিৰ সমীপৰে বাংলাদেশলৈ যায় গুৱাহাটীৰ চুৰি বাইক। গুৱাহাটী মহানগৰীত সংঘটিত ধাৰাবাহিক বাইক চুৰিৰ ঘটনাই এতিয়া সংকিত কৰিছে সাধাৰণ জনতাক। পিছে সুৰক্ষা প্ৰদানৰ দায়িত্বত থকা আৰক্ষী সম্পূৰ্ণৰূৰে ব্যৰ্থ হৈছে বাইক চুৰিৰ ঘটনা নিয়ন্ত্ৰণত।

বশিষ্ঠ থানাৰ যান-বাহন শাখাৰ বিষয়াৰো বাইক চুৰি গুৱাহাটীৰ পৰা। পিছে শ শ চুৰি বাইক উদ্ধাৰ কৰিবলৈ সক্ষম হ’বনে আৰক্ষীয়ে?

Exit mobile version