Site icon Guwahati Times

গেলেকী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ স্বাস্থ্য বিষয়াৰ নাভূত নাশ্ৰুত কাণ্ড

স্বাস্থ্য বিষয়া ডঃ ছাহাদ উল্লাহৰ বিৰুদ্ধে কেতবোৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে আশা কৰ্মী আৰু অসম চাহ জনজাতি ছাত্ৰ সন্থাই

Story : গেলেকী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ আশা কৰ্মীৰ ভাষ্য অনুসৰি লক্ষ্মীজান চাহ বাগিচাৰ এগৰাকী প্ৰসূতি মহিলাক যোৱাকালি স্বাস্থ্য কেন্দ্ৰটিত ভৰ্তি কৰোৱা হৈছিল।

মহিলা গৰাকীক ভৰ্তি কৰোৱা পিছত মহিলা গৰাকীৰ চিকিৎসা কৰি থকা অৱস্থাত স্বাস্থ্য বিষয়া ডঃ ছাহাদ উল্লাহ নামৰ চিকিৎসক গৰাকীয়ে নিজৰ ম’বাইলৰ কেমেৰাত মহিলা গৰাকীৰ গোপন অংগৰ কিছু দৃশ্য সংগ্ৰহ কৰে।

আৰু এই দৃশ্য স্বাস্থ্য কেন্দ্ৰৰ এটা গ্ৰুপত ভাইৰেল কৰি দিয়ে। এই দৃশ্য ভাইৰেল হোৱাৰ পিছত স্বাস্থ্য কেন্দ্ৰটিত হৈ চৈ পৰিৱেশৰ সৃষ্টি হয়।

এগৰাকী মহিলাৰ এনে ফটো ভাইৰেল কৰা সমগ্ৰ নাৰীজাতিক অপমান কৰা এনে কাণ্ড কৰা চিকিৎসক ছাহাদ উল্লাহ বিৰুদ্ধে সকলো আশা কৰ্মী জাঙুৰ খাই উঠিছে। আৰু এই নাভূত নাশ্ৰুত কাণ্ডৰ লগত জড়িত চিকিৎসক গৰাকীৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ মহকুমা স্বাস্থ্য বিষয়াৰ যোগেদি যুটীয়া স্বাস্থ্য সঞ্চালকায়লৈ এখন স্মাৰক প্ৰত্ৰ প্ৰদান কৰিছে।

সমান্তৰাল ভাৱে এই ঘটনাটোক গৰিহণা জনাইছে অসম চাহ জনজাতি ছাত্ৰ সন্থা শিৱসাগৰ জিলা সমিতি আৰু নাজিৰা শাখা আটছাই। ঘটনাৰ সন্দৰ্ভত আজি গেলেকী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক ডঃ ছাহাদ উল্লাহৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ এখনি স্মাৰক প্ৰত্ৰ প্ৰদান কৰিছে আটছাই।

*নাজিৰাৰ পৰা ৰঞ্জিত সভাপণ্ডিত ৰিপ’ৰ্ট।।

Exit mobile version