Site icon Guwahati Times

গোৱালপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনাত তিনিজনৰ মৃত্যু

গোৱালপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা। এই পথ দুৰ্ঘটনাত মৃত্যু হয় তিনিজন লোকৰ। পৃথকে পৃথকে দুটা দুৰ্ঘটনাত তিনিজন লোকৰ মৃত্যু হয়। কৃষ্ণাইৰ আৰিমাৰাত বাইক আৰু পিকআপ বাহনৰ মুখামুখি সংঘৰ্ষ হয়। এই দুৰ্ঘটনাত মৃত্যু হয় বগুৱানৰ কুলদীপ নাথ নামৰ এজন যুৱকৰ।

আনহাতে, ৰংজুলিতো আন এক দুৰ্ঘটনা সংঘটিত হয়। নিয়ন্ত্ৰণ হেৰুৱাই গছত খুন্দা  মাৰে এখন ৰিক’ভাৰী বাহনে। এই দুৰ্ঘটনাত থিতাতে মৃত্যু হয় দুজনৰ। মৃত্যু হোৱা দুজনৰ নাম অঞ্জয় ৰাভা আৰু অজয় সৰকাৰ। অঞ্জয় ৰাভাৰ ঘৰ লখিমপুৰত আৰু অজয় সৰকাৰৰ ঘৰ গুৱাহাটীত বুলি জানিব পৰা গৈছে।

 

Exit mobile version