গ্ৰন্থমেলাত ১০০ টি দেৱশিশুৱে উন্মোচন কৰিলে ড. বসন্ত কুমাৰ ভূঞাৰ চাৰিখন ব্যতিক্ৰমী গ্ৰন্থ

1 min read

চান্দমাৰীৰ উত্তৰ – পূব গ্ৰন্থমেলা প্ৰাঙ্গন আজি এক অতি আকৰ্ষণীয় ঘটনাৰ সাক্ষী হৈ ৰ’ল। দেশৰ ভৱিষ্যত ১০০টি দেৱশিশুৱে আজি একেলগে উন্মোচন কৰিলে বিশিষ্ট শিক্ষ্যাবিদ,লেখক ড: বসন্ত কুমাৰ ভূঞাৰ চাৰিখন জীৱন কলা সম্পৰ্কীয় ব্যতিক্ৰমী গ্ৰন্থ । নতুন প্ৰজন্মক জীৱন দীক্ষা প্ৰদান কৰাৰ মানসেৰে ৰচনা কৰা ড: বসন্ত কুমাৰ ভূঞাৰ এই গ্ৰন্থ চাৰিখন হ’ল- জীৱন – যাপন কলা, managing life: from mother’s womb to death, For the modern people of the century, Astanga Into: the mantra of a happy and meaningful life । 

  এই চাৰিখন গ্ৰন্থতে ড: ভূঞাই মূলতঃ জীৱনটো কেনেকৈ যাপন কৰিব লাগে, জীৱনৰ উদ্দেশ্য কি হোৱা উচিত, জীৱনত কেনেকৈ কৃতকাৰ্যতা লাভ কৰিব পাৰি, সুখী আৰু অৰ্থপূৰ্ণ জীৱন কেনেকৈ যাপন কৰিব পাৰি, নিজৰ লগতে পৰিয়াল তথা সমাজৰ বাবে কেনেকৈ কাম কৰিব পাৰি, জীৱনত সফলতা লাভৰ বাবে অষ্টাংগ নীতিৰ প্ৰয়োজনীয়তা কি ইত্যাদি বহুতো গুৰুত্বপূৰ্ণ আৰু দৰকাৰী বিষয়ত আলোকপাত কৰিছে। আজিৰ বস্তুবাদী জীৱন প্ৰণালীৰ দিনত জীৱনৰ জটিল সমস্যাবোৰ সমাধান কৰি নিজৰ লক্ষ্যপথত আগবঢ়াৰ বাবে শিক্ষ্যাবিদ , লেখক ড: বসন্ত কুমাৰ ভূঞাৰ গ্ৰন্থ কেইখন ছাত্র-ছাত্ৰী আৰু অভিভাৱক সকলৰ বাবে অত্যন্ত সহায়ক  হ’ব বুলি বিবেচনা কৰা হৈছে।

আজিৰ অনুষ্ঠানত লেখক-সাংবাদিক উজ্জ্বল বৰাই শিক্ষাবিদ , লেখক ড: বসন্ত কুমাৰ ভূঞাৰ কিতাপ কেইখনে নতুন প্ৰজন্মক উন্নতিৰ বাট দেখুৱাব বুলি মন্তব্য কৰে। তেওঁ কয় যে ড: বসন্ত কুমাৰ ভূঞাৰ ইতিপূৰ্বে প্ৰকাশিত ২১খন গ্ৰন্থৰ দ্বাৰা ছাত্র-ছাত্ৰী সকলৰ লগতে সমাজৰ বিভিন্ন স্তৰৰ লোকসকলক উপকৃত হৈ আহিছে। 

অনুষ্ঠানত গুৰুকুল গ্ৰামাৰ স্কুলৰ ছাত্র-ছাত্ৰীসকলে চাৰিটা ভিন্ন ভাষাত অসমৰ জাতীয় সংগীত ‘অ’ মোৰ আপোনাৰ দেশ’ পৰিৱেশন কৰি উপস্থিত দৰ্শকসকলক সন্মোহিত কৰি তোলে।

ষ্টাফ ৰিপৰ্ট, গুৱাহাটী টাইমচ ।

You May Also Like

More From Author