Site icon Guwahati Times

গৰ্ভৱতী পত্নীক ছুৰিকাঘাত, ঘাতক স্বামীক গ্ৰেপ্তাৰ, থানা ঘেৰাও কৰি ঘাতকক ফাঁচিৰ দাবী স্থানীয় লোকৰ

জামুগুৰিহাটৰ ঘটনা। বেমাৰী মাকৰ শুশ্ৰুষা কৰিবলৈ পিতৃগৃহত থকা পত্নীক হত্যা কৰি আৰক্ষীৰ জালত দিলোৱাৰ হুছেইন। গ্ৰেপ্তাৰ কৰা দিলোৱাৰক হাতত তুলি দিয়াৰ দাবীৰে জামুগুৰি থানা ঘেৰাও কৰি মৰিসুঁতিৰ ৰাইজে সাব্যস্ত কৰিলে প্ৰতিবাদ। পত্নীক ছুৰীৰে হানি হত্যা কৰা দিলোৱাৰক কোবাই কোবাই থানা চৌহদতে মাৰি পেলোৱাৰ ভাবুকি দিয়া ক্ষুব্ধ ৰাইজক বুজাই বঢ়াই ক্ষান্ত কৰিলে আৰক্ষীয়ে।

ইতিমধ্যে আৰক্ষীয়ে আৰম্ভ কৰিছে হত্যাকাণ্ডৰ তদন্ত। প্ৰাৰম্ভিক তদন্তত পোহৰলৈ আহিছে হত্যাকাণ্ডৰ আঁৰৰ কাহিনী। মাতৃৰ শুশ্ৰুষা কৰিবলৈ মৰিসুঁতিৰ পিতৃগৃহলৈ অহাটোৱেই কাল হ’ল মজিদা বেগমৰ। ১৫ দিন পূৰ্বে অপাৰেচন হৈছিল মজিদাৰ মাকৰ। কৰ্মসূত্ৰে ২ পুত্ৰ বহিঃৰাজ্যত থকা বিধৱা মহিলাগৰাকীক চোৱাচিতা কৰিবলৈ আহিছিল কন্যা মজিদা বেগম।

ইটাখোলাৰ ঘৰত পত্নীক নেদেখি খঙে চুলিৰ আগ পালেগৈ দিলোৱাৰ হুছেইনৰ। ঘৰ সেইভাগেই এৰি পোনে পোনে বজাৰ পালেগৈ দিলোৱাৰ। বজাৰৰ পৰা এখন ছুৰী কিনি মৰিসুঁতিৰ শহুৰেকৰ ঘৰ পালেগৈ দিলোৱাৰ। হাতত সাৰে ভৰিত সাৰে শহুৰেকৰ ঘৰত সোমাই শোৱনীকোঠা পালেগৈ দিলোৱাৰ। মাকক ভাত পানী খুৱাই বুৱাই আজৰি হোৱাৰ পিছত চকুৰ পতা লাগি ধৰা ছমাহৰ গৰ্ভৱতী মজিদা বেগমক বিচনাতে উপৰ্যুপৰি ছুৰীৰে আঘাত কৰিলে দিলোৱাৰে।

বিচনাতে ঢলি পৰা গৰ্ভৱতী পত্নীক এৰি পলোৱাৰ চেষ্টা কৰোঁতেই বেমাৰী দেহাৰে চুঁচৰি চুঁচৰি শাহুৱেকে আগচি ধৰিলে দিলোৱাৰক। বাট এৰি নিদিলে শাহুৱেকক হত্যা কৰাৰ ভাবুকি দিও সাৰি নগ’ল দিলোৱাৰ। পলাবলৈ চেষ্টা কৰোঁতেই প্ৰতিবেশীয়ে গবা মাৰি ধৰিলে পত্নীক হত্যা কৰা ঘাতকক। গৰ্ভৱতী পত্নীক নিজ হাতে হত্যা কৰা দিলোৱাৰৰ আছে এটি ছবছৰীয়া সন্তান। তাৰ পিছতো সাধাৰণ কথাতে ছমাহৰ গৰ্ভৱতী পত্নীক হত্যা কৰা দিলোৱাৰ হুছেইনক ফাঁচি কাঠত ওলমোৱাৰ দাবী মৰিসুঁতিৰ ৰাইজৰ।

Exit mobile version