Site icon Guwahati Times

ঘামৰ দুৰ্গন্ধই আমনি কৰিছে যদি এই উপায়সমূহ জানি লওক

গ্ৰীষ্মকালত শৰীৰৰ পৰা ঘাম বহুত বেছিকৈ ওলাই যাৰ ফলত কাষলতিৰ পৰা দুৰ্গন্ধ ওলাই আহিবলৈ ধৰে।ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ আমি-ডিয়’ড্ৰেন্ট বা পাৰফিউম ব্যৱহাৰ কৰোঁ।কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হল ইয়াৰ স্থায়ী সমিধান কৰিব লাগে। ( Assamese Health Tips )

ঘামৰ দুৰ্গন্ধ আঁতৰাবলৈ কেইটামান ঘৰুৱা উপকাৰ-

গ্ৰীষ্মকালত শৰীৰৰ তাপমাত্ৰা বজাই ৰখাটো অতি গুৰুত্বপূৰ্ণ।সেয়ে শৰীৰৰ ছিদ্ৰৰ পৰা ঘাম ওলাই আহে।যেতিয়া এই ঘামে কাষলতিত থকা বেক্টেৰিয়াৰ সৈতে মিহলি হৈ-ই দুৰ্গন্ধৰ কাৰণ হৈ পৰে।এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ এইসমূহ ঘৰুৱা উপায়

আলু-

আলুৰ ব্যৱহাৰে-ঘামৰ দুৰ্গন্ধ আঁতৰ কৰিব পাৰি।আপুনি এটা আলু লৈ-ইয়াৰ বাকলি গুচাই ভালদৰে কাটি লওক।এতিয়া আলুৰ টুকুৰাবোৰ কাষলতিৰ তলত ঘঁহি দিয়ক।আৰু আধা ঘন্টাৰ পাছত পানীৰে ধুই দিয়ক।

বিলাহীৰ ৰস-

কাষলতিৰ দুৰ্গন্ধৰ পৰা পৰিত্ৰাণ পাবলৈ বিলাহীৰ ৰস ব্যৱহাৰ কৰিব পাৰে।ইয়াৰ বাবে-বিলাহী ব্লেণ্ড কৰি বিলাহীৰ ৰস উলিয়াই-তাৰ লগত নেমু ৰস মিহলাই-এতিয়া এই মিশ্ৰণটোৰে কাষলতিৰ তল মালিচ কৰক আৰু কিছু সময়ৰ পাছত পানীৰে ধুই দিয়ক। ( Assamese Health Tips )

ক’লা নিমখ-

ক’লা নিমখ দুৰ্গন্ধ আঁতৰাবলৈ এক কায্যকৰী উপায় বুলি গণ্য কৰা হয়।গা-ধোৱাৰ সময়ত পানীত কলা নিমখ মিহলি কৰি-সেই পানীৰে গা-ধুব লাগে।যদি আপোনাৰ অত্যাধিক ঘাম ওলাই-তেন্তে-এই উপায়েৰে সমস্যা আঁতৰিব।

নেমু আৰু চডা-

নেমু আৰু বেকিং চডাই কেৱল আমাৰ ঘামৰ দুৰ্গন্ধই আঁতৰ নকৰে।লগতে ইয়াৰ দ্বাৰা কাষলতিৰ ক’লা ৰঙো আঁতৰ হয়।১চামুচ নেমুৰ ৰস আৰু ২চামুচ বেকিং চডা মিহলি কৰি-কাষলতিৰ তলত ঘঁহক।এই কথাটো মনত ৰাখিব যে-চেভিং কৰাৰ লগে লগে-এই উপায় নকৰিব।নহলে ছালত জ্বলা পোৰা হব।

এপল ভিনেগাৰ-

কাষলতিৰ দুৰ্গন্ধ আঁতৰ কৰিবলৈ-এপল ভিনেগাৰ ব্যৱহাৰ কৰিব পাৰে।প্ৰথমে এটা চফা স্প্ৰে বটলত ১কাপ এপল ভিনেগাৰ আৰু আধা কাপ পানী ভালদৰে মিহলি কৰি-স্প্ৰে বটলত ভৰাই লওক।এতিয়া এই মিশ্ৰণটো নিশা গা-ধূৱাৰ পাছত-শুকান কাষলতিত স্প্ৰে কৰক।পাছদিনা পুৱা কাষলতিত ধুব।।

Exit mobile version