Site icon Guwahati Times

চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয় টীয়কৰ বাকৰিত অসমীয়াৰ নৱ বৰ্ষক আদৰাৰ ব্যতিক্ৰমী অনুষ্ঠান l

 

টীয়ক ১২ মাৰ্চ/২৩

চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয় টীয়কৰ ব্যতিক্ৰমী অনুষ্ঠানে আদৰিলে অসমীয়াৰ হেঁপাহৰ আপোন বিহুটিক।মহাবিদ্যালয়ৰ উদ্যোগত আৰু টীয়ক প্ৰেছ ক্লাবৰ সহযোগত মহাবিদ্যালয়ৰ বাকৰিত নৱ নৱ বহাগ শীৰ্ষক অসমীয়া নৱবৰ্ষ আদৰণি অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে।বৃহত্তৰ টীয়কৰ প্ৰায় ২৫ টি অনুষ্ঠান-শিক্ষানুষ্ঠানক লগত লৈ আয়োজন কৰা এই অনুষ্ঠানত হুচৰি, বিহু ,ঝুমুৰ,মিচিং বিহু,বিহুসুৰীয়া নৃত্য,সুৰ,সমলয়কে আদিকৰি বিভিন্ন সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে।উল্লেখযোগ্য যে ডিব্ৰুগড়ৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ জিতেন হাজৰিকাই উদ্বোধন কৰা এই সাংস্কৃতিক অনুস্থান বৃহত্তৰ টীয়ক অঞ্চলৰ ১২ গৰাকীকৈ বয়োজ্যেষ্ঠ লোকশিল্পীক বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰে উদ্যোক্তামণ্ডলীয়ে।মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী উপস্থিত থকা উক্ত অনুষ্ঠানত মাজুলীৰ পৰা প্ৰকাশিত সাপ্তাহিক অসমীয়া বাতৰি কাকত অসম বাৰ্তাৰ ৰঙালী বিহুৰ পৰিপূৰিকাখনি আনুস্থানিকভাৱে উন্মোচন কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ বিজয়ক কৃষ্ণ পাচনিয়ে।

ইপিনে ডিব্ৰুগড়ৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হাজৰিকাই মহাবিদ্যালয়খনে সদ্য ঘোষিত নাকৰ মূল্যায়নত A+ গ্ৰেড লাভ কৰাত অভিনন্দন জ্ঞাপন কৰাৰ লগতে অসমীয়াৰ নৱবৰ্ষক আদৰাৰ যি প্ৰয়াস লৈছে তাৰ বাবে আয়োজনকসকলৰ শলাগ লয়।বিহুৰ এই উন্মাদনাৰ মাজতে যুৱ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে বিহুৰ যোজনা গাই সকলোকে বিহুৰ শুভেচ্ছা জনাই আৰু বৃহত্তৰ টীয়কৰ বিদ্যালয় মহাবিদ্যালয়সমূহ একত্ৰিত কৰি চন্দ্ৰ কমল বেজবৰুৱা মহাবিদ্যালয়,টীয়ক প্ৰেছ ক্লাৱে লোৱা এই পদক্ষেপ অনাগত দিনসমূহতো অব্যাহত থাকিব বুলি আশা প্ৰকাশ কৰে।শেষত মহাবিদ্যালয়ৰ শিক্ষক কৰ্মচাৰী,প্ৰাক্তন ছাত্ৰছাত্ৰী মঞ্চ তথা প্ৰেছ ক্লাৱৰ সদস্যসকলে পৰিবেশন কৰা হুচৰি বিহুৱে উপস্থিত শ্ৰুতা দৰ্শকক আপ্লুত কৰি তোলে।

Exit mobile version