Site icon Guwahati Times

চন্দ্ৰপুৰত পল্টন বজাৰ আৰক্ষীৰ গুলীত আহত চিলনী চোৰ

মহানগৰীত পুনৰ সংঘটিত হৈছে এক এনকাউণ্টাৰৰ ঘটনা। চিলনী চোৰলৈ মহানগৰ আৰক্ষীৰ গুলী। আৰক্ষীৰ গুলীত আঘাতপ্ৰাপ্ত হৈ GMCHত ভৰ্তি হৈছে চিলনী চোৰ অৰ্জুন শ্বাহ।

উল্লেখযোগ্য যে, দেওবাৰে অৰ্জুন শ্বাহসহ এগৰাকী যুৱতীকো গ্ৰেপ্তাৰ কৰিছিল পল্টনবজাৰ আৰক্ষীয়ে। ৰিহাবাৰী, উলুবাৰী, দক্ষিণ শৰণীয়াত মোবাইল আৰু চেইন চুৰৰ ঘটনাত জড়িত আছিল দুই যুৱক-যুৱতী ৷

চন্দ্ৰপুৰলৈ তেওঁলোকৰ সহযোগীক বিচাৰি হোৱা অভিযানৰ সময়তে গুলীবিদ্ধ হয় অৰ্জুন শ্বাহ। বাওঁ ভৰিত আঘাতপ্ৰাপ্ত হয় অৰ্জুন শ্বাহ। নিশা দুই বজাত জি এম চি এইচত ভৰ্তি কৰোৱা হয় অৰ্জুন শ্বাহক।

Exit mobile version