Site icon Guwahati Times

চন্দ্ৰপৃষ্ঠত অক্সিজেনৰ উপস্থিতি নিশ্চিত কৰিলে ৰ’ভাৰ প্ৰজ্ঞানে

চন্দ্ৰপৃষ্ঠত প্ৰজ্ঞানে বিচাৰি পালে অক্সিজেন। ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই আজি টুইটযোগে এই কথা ৰাজহুৱা কৰিছে। সংস্থাটোৱে মঙলবাৰে কয় যে প্ৰজ্ঞান ৰ’ভাৰৰ লেজাৰ-প্ৰেৰিত ব্ৰেকডাউন স্পেকট্ৰোস্কোপে প্ৰথমবাৰৰ বাবে চন্দ্ৰৰ দক্ষিণ মেৰুৰ ভূমিত ছালফাৰ(S)ৰ উপস্থিতি নিশ্চিত কৰিছে

ইছৰোৱে প্ৰকাশ কৰে যে আশা কৰা অনুসৰি চন্দ্ৰত এলুমিনিয়াম (Al), কেলচিয়াম(Ca), লো (Fe), ক্ৰমিয়াম(Cr), টাইটেনিয়াম(Ti), মেংগানিজ(Mn), চিলিকন(Si) আৰু অক্সিজেন(O) চিনাক্ত কৰা হৈছে। এতিয়া যিটো গুৰুত্বপূৰ্ণ পদাৰ্থৰ সন্ধান কৰি থকা হৈছে সেয়া হৈছে হাইড্ৰজেন। হাইড্ৰজেনৰ সন্ধান পালে এয়া হ’ব ঐতিহাসিক আৱিষ্কাৰ। কিয়নো তেতিয়া পানীৰ সমস্যা সমাধান কৰিব পৰা যাব চন্দ্ৰত।

উল্লেখ্য, চন্দ্ৰযান-৩ (Chandrayaan3) ৰোভাৰত থকা লেজাৰ-ইণ্ডিউচড ব্ৰেকডাউন স্পেকট্ৰ’স্কপী (LIBS) যন্ত্ৰটোৱে দক্ষিণ মেৰুৰ ওচৰৰ চন্দ্ৰ পৃষ্ঠৰ মৌলিক গঠনৰ ওপৰত প্ৰথমবাৰৰ বাবে সম্পৰীক্ষা চলায়। এই LIBS হৈছে এনে এক বৈজ্ঞানিক কৌশল, যিয়ে লেজাৰ কম্পনাংকৰ সহায়ত পদাৰ্থৰ গঠন বিশ্লেষণ কৰে।

Exit mobile version