Site icon Guwahati Times

চাইল্ড লাইনৰ অভিযানত উদ্ধাৰ ১১ বছৰীয়া গৰ্ভৱতী নাবালিকা।

হোজাইৰ টেলিবস্তি গাঁৱত সংঘটিত হৈছে সভ্য সমাজক লজ্জানত কৰা  এক জঘন্য ঘটনা।গাঁওখনৰ এগৰাকী অষ্টম শ্ৰেনীৰ ছাত্ৰীক প্ৰতিবেশী এটা লম্পটে যৌন নিৰ্যাতন চলাই গৰ্ভৱতী কৰাত সৃষ্টি হৈছে তীব্র চাঞ্চল্যৰ।

অভিজিত ওৰফে কুনাল সৰকাৰ নামৰ যুৱকজনৰ বিৰুদ্ধে  কিশোৰীগৰাকীক গৰ্ভৱতী কৰাৰ উঠিছে অভিযোগ।ইতিমধ্যে কিশোৰীগৰাকী গৰ্ভধাৰণৰ সময়  ছমাহ চলি থকা বুলি চিকিৎসকেও নিশ্চিত কৰিছে ।ফলত  উপায়হীন কিশোৰীগৰাকীৰ ঘৰত  আৰক্ষীৰ সহযোগত চাইল্ড লাইনে অভিযান চলাই গৰ্ভৱতী কিশোৰীটিক  উদ্ধাৰ কৰিছে।শৈশৱতে গৰ্ভৱতী হোৱা নাবালিকা গৰাকীক চাইল্ড লাইনে উদ্ধাৰ কৰি ইতিমধ্যে শিশু সুৰক্ষা গৃহলৈ কৰিছে প্ৰেৰণ।

ইফালে লম্পট কুনাল সৰকাৰে কিশোৰীটিক যৌন নিৰ্যাতন চলাই গৰ্ভৱতী কৰাৰ ঘটনা পোহৰলৈ অহাৰ পিছত গাঁওবাসীয়ে আৰক্ষীক লম্পটোক উচিত শাস্তি বিহাৰ দাবী জনাইছে।

 

Source:Assam News18

Exit mobile version