Site icon Guwahati Times

চাহ নহয়, এইবাৰ MBA মুৰ্গীৱালাই বছৰি উপাৰ্জন কৰিছে লাখ লাখ টকা…

এমবিএ চাইৱালাৰ পাছত এইবাৰ এমবিএ মুৰ্গীৱালাৰ চৰ্চা। বিহাৰৰ গয়া জিলাৰ পৰায়া বজাৰৰ বাসিন্দা কুমাৰ গৌতম বনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ এমবিএ। বৰ্তমান মহমপুৰ মধ্য বিদ্যালয়ত শিক্ষকতা কৰে। তেওঁ শিক্ষকতা কৰাৰ লগতে কড়কনাথ মুৰ্গী আৰু কোৱেল চৰাইৰ ব্যৱসায়ো কৰে।যাৰফলত বছৰি তেওঁ লাখ লাখ টকা আয় কৰি আছে।

গৌতমে কয় যে যেতিয়া কড়কনাথত মুৰ্গীয়ে জিআই টেগিং পাইছিল আৰু ভাৰতীয় ক্ৰিকেটাৰ মহেন্দ্ৰ সিং ধোনীয়েও ইয়াক পালন কৰা আৰম্ভ কৰিছিল জনসাধাৰণৰ মাজত ইয়াৰ জনপ্ৰিয়তা বৃদ্ধি পাইছিল। কড়কনাথ মুৰ্গী ৮০০ ৰ পৰা ১৮০০ প্ৰতিকিলো বিক্ৰী হয় বুলি তেওঁ কয়।

তেওঁ কয় যে, কড়কনাথ কুকুৰাপোৱালী মধ্যপ্ৰদেশৰ পৰা আমদানী কৰে। ৩০-৪০ দিন পাছত এই মুৰ্গী বিক্ৰী কৰিব পৰা যায়। ঠিক তেনেদৰে কোৱেল চৰাইও তেওঁ বিক্ৰী কৰে বুলি জনায়।

Exit mobile version