Site icon Guwahati Times

চাৰিওফালে কনজাংটিভাইটিছ! সহজ উপায়েৰে নিজকে ৰক্ষা কৰক এই ৰোগৰ পৰা

দ্ৰুতগতিত বিয়পিছে কনজাংটিভাইটিছ। এই ৰোগৰ পৰা কেনেকৈ নিজকে সুস্থ কৰি ৰাখিব? কিদৰে ভালে ৰাখিব নিজৰ দুই চকু? মানিব লাগিব কিছুমান সহজ নিয়ম। জানক চকু বিশেষজ্ঞসকলে কি কৈছে।
চকু বিশেষজ্ঞ নীৰজ সন্দুজাই কৈছে, কিছু সহজ নিয়ম মানিলেই কনজাংটিভাইটিছ ৰোগৰ পৰা ৰখা কৰিব পাৰিব নিজৰ চকু। মানি লাগিব এই সাধাৰণ স্বাস্থ্য বিধি।
ঘনে ঘনে হাত ধুব লাগিব। ড’ৰনব, হেণ্ডেলৰ দৰে বস্তু, যিবোৰ বহু মানুহে ব্যৱহাৰ কৰে, সেইবোৰত হাত দিয়াৰ পিছত চাবোনেৰে ভালকৈ হাত ধোৱক।
অপৰিষ্কাৰ হাত কেতিয়াও চকুত নলগাব। সকলো সময়তে হাত ধুই সেই পৰিষ্কাৰ হাত চকুত লগাব। অপৰিষ্কাৰ হাত চকুত দিলে জীবাণু বিয়পি পৰি সংক্ৰমণৰ হাৰ বাঢ়ি যাব পাৰে।
যেতিয়াই তেতিয়াই য’তে ত’তে চকুত হাত নিদিব। আপোনাৰ চকু নখজুৱাব। যদি চকুত খজুৱতি লাগে পৰিষ্কাৰ ৰুমাল এখন ৰাখিব। পৰিষ্কাৰ ৰুমালেৰে চকু মচি দিয়ক বা ইয়াৰ সৈতে খজুৱাওক।
যদি স্পৰ্শকাতৰ চকু হয়, তেন্তে বৰ্ষাত এনেই সমস্যা বাঢ়ি যায়। লুব্ৰিকেটিং আই ড্ৰপছ চকুৰ বাবে ভাল। কিন্তু চিকিৎসকৰ পৰামৰ্শ অবিহনে কেতিয়াও কোনো ঔষধ বা ড্ৰপ ব্যৱহাৰ নকৰিব।
বৰ্ষাকালত কনজাংটিভাইটিছৰ দৰে সংক্ৰমণ বিয়পি পৰে দ্ৰুতগতিত। সেয়ে সকলো সময়তে নিজৰ সামগ্ৰী ব্যৱহাৰ কৰক। আনৰ টাৱেল, ৰুমাল, চকুৰ প্ৰসাধন, কনটেক্স লেন্স কেতিয়াও ব্যৱহাৰ নকৰিব।
যদি বাহিৰলৈ যোৱাৰ পৰিকল্পনা থাকে, তেন্তে সঠিক ৰোডচশমা ব্যৱহাৰ কৰক। ইয়াৰ ফলত ক্ষতিকৰ অতি বেঙুনীয়া ৰশ্মি, ধুলিবালি, মলি, বৰষুণৰ পানীৰ পৰা চকু ৰক্ষা পৰিব। কনজাংটিভাইটিছৰ আশংকাও কমিব।
ঘৰ–বাৰী নিয়মিত পৰিষ্কাৰ কৰি ৰাখক। তেতিয়া এলাৰ্জী, জীবাণুৰ হাতৰ পৰা বাচিব। জনজাংটিভাইটিছৰ আশংকাও কমিব।
জনজাংটিভাইটিছ হ’লে নিজেই নিজৰ চিকিৎসা নকৰি অবিলম্বে চিকিৎসকৰ পৰামৰ্শ লওক।

Exit mobile version