Site icon Guwahati Times

চীনত বিধ্বংসী ভূমিকম্প, ভূমিকম্পত নিহত ১০০ৰো অধিক লোক

চীনত সোমবাৰে মাজনিশা এক ভয়ংকৰ ভূমিকম্পৰ জোকাৰণি অনুভৱ কৰা হৈছে। দেশখনত ভূমিকম্পই ভয়াৱহ বিধ্বংসী ৰূপ ধাৰণ কৰাৰ লগতে ১১১ জনতকৈ অধিক লোকৰ মৃত্যু হৈছে। ইয়াৰোপৰিও পুৱাৰ ভাগতো পুনৰ আন এক ভূমিকম্পৰ কম্পন অনুভৱ কৰা হয়। চীনৰ লগতে নিশাৰ পৰা আফগানিস্তান, ম্যানমাৰ, লাডাখৰ কাৰ্গিল আৰু আন্দামান সাগৰতো ভূমিকম্পৰ কম্পন অনুভৱ কৰা হৈছে। এই সকলো ঠাইতে বিভিন্ন তীব্ৰতাৰ ভূমিকম্পই জোকাৰি গৈছে। কিন্তু চীনৰ ভূমিকম্পত আটাইতকৈ বেছি ধ্বংসলীলা সংঘটিত হোৱা দেখিবলৈ পোৱা গৈছে।

উত্তৰ-পশ্চিম চীনত মাজনিশা সংঘটিত হোৱা ৬.২ প্ৰাবল্যৰ ভূমিকম্পত এতিয়ালৈকে ১১১ জনতকৈ অধিক লোকৰ মৃত্যু হোৱাৰ লগতে ২৩০ৰো অধিক লোক আহত হৈছে। এই ভূমিকম্পৰ অভিকেন্দ্ৰ ৰাজধানী বেইজিঙৰ পৰা ১৪৫০ কিঃমিঃ দূৰৈত আছিল। ভূমিকম্পৰ ফলত হোৱা বিধ্বংসী পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙে অল আউট অভিযানৰ কথা ঘোষণা কৰিছে। জানিব পৰা মতে, ভূমিকম্পৰ পিছতে অঞ্চলটোত যোগাযোগ আৰু যাতায়াত ব্যৱস্থাও বন্ধ কৰা হৈছে।

Exit mobile version