Site icon Guwahati Times

চৰকাৰী বিষয়াক ভাবুকি দি পুনৰ বিতৰ্কত মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী

চৰকাৰী বিষয়াক ভাবুকি দি পুনৰ বিতৰ্কত সাঙোৰ খাইছে মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীৰ নাম। বিধায়ক ৰমাকান্ত দেউৰীৰ বিৰুদ্ধে মুকলিকৈ এই অভিযোগ উত্থাপন কৰিলে মৰিগাঁও জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তাই। ভাৰত চৰকাৰৰ বিকশিত ভাৰত সংকল্প যাত্ৰা কাৰ্যসূচী মাজতে দলংঘাট উন্নয়ন খণ্ড ভকতগাঁও পঞ্চায়তৰ কপাহেৰা খেলপথাৰত এই ঘটনা।

অনুষ্ঠানটিত উপস্থিত আছিল কেন্দ্ৰীয় মন্ত্ৰী কিৰণ ৰিজিজু। কেন্দ্ৰীয় মন্ত্ৰীগৰাকী অনুষ্ঠানৰ পৰা যোৱাৰ পাছতে বিধায়ক ৰমাকান্ত দেউৰীয়ে কোনো কথা অৱতাৰণা নকৰাকৈ বসন্ত কুমাৰ নাথ নামৰ মৰিগাঁও জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তাজনক “মাৰিম, পিটিম, বেছি হৈছে তোৰ, মাতি আনি পিটিম” বুলি ৰাজহুৱাকৈ ধমক দিয়াৰ অভিযোগ আনিছে অভিযন্তাগৰাকীয়ে।

বিধায়ক ৰমাকান্তৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী আৰু মন্ত্ৰীক অভিযোগ দিয়া বুলি কৈ ৰমাকান্তই ৰাজহুৱাকৈ অপমান কৰে অভিযন্তাজনক। কিন্তু অভিযোগ কৰাৰ কথা নস্যাৎ কৰিছিল অভিযন্তাজনে। অভিযন্তাজনৰ চাকৰি কালৰ মাত্ৰ ৪টা মাহ বাকী। বিধায়কজনে কোনো কাৰণ নোহোৱাকৈ এনে আচৰণ কৰাত ক্ষোভ বিষয়াজনৰ। বিধায়ক জনে কৈছিল, “মাতি আনি পিটিম”, যিহেতু বিধায়কৰ ঘৰৰ সন্মুখেৰে প্ৰায় অহা যোৱা কৰে অভিযন্তাজন, যাৰ বাবে জীৱনৰ নিৰাপত্তাক লৈ শংকাত ভুগিছে বিষয়াজন। মুখ্যমন্ত্ৰীলৈ আহ্বান জনায় বিষয়াজনে কয়, “আমি চৰকাৰী নীতি নিয়মেৰে কাম কৰা লোক। আমাক ৰাজহুৱা ভাবুকি দিছে। যাতে এনে কাম দুনাই নহয় তাৰ ব্যৱস্থা লওক।”

Exit mobile version