Site icon Guwahati Times

ছবি পৰিচালক পাৰ্থজিৎ বৰুৱায়ে নিৰ্মান কৰা ‘ব্ৰাছ ষ্ট্রক’ নামৰ তথ্যচিত্ৰ খনে দ্বাদশ কলিকতা আন্তঃৰাষ্ট্ৰীয় চুটি ছবি মহোৎসৱত শ্ৰেষ্ঠ তথ্যচিত্ৰ বঁটা লাভ কৰে

ছবি পৰিচালক পাৰ্থজিৎ বৰুৱায়ে নিৰ্মান কৰা ‘ব্ৰাছ ষ্ট্রক’ নামৰ তথ্যচিত্ৰ খনে দ্বাদশ কলিকতা আন্তঃৰাষ্ট্ৰীয় চুটি ছবি মহোৎসৱত শ্ৰেষ্ঠ তথ্যচিত্ৰ বঁটা লাভ কৰে।

বিগত ৩০ জুলাইত কলিকতাত অনুষ্ঠিত হোৱা দ্বাদশ কলিকতা আন্তঃৰাষ্ট্ৰীয় চুটি ছবি মহোৎসৱত পাৰ্থজিৎ বৰুৱাই শ্ৰেষ্ঠ তথ্যচিত্ৰৰ বঁটা গ্ৰহণ কৰে।

আনহাতে ব্ৰাছ ষ্ট্ৰক নামৰ তথ্যচিত্ৰ খন কেৰেলাৰ IDSFFK ৰ প্রতিযোগিতাৰ শাখালৈও নিৰ্বাচিত হৈছিল।

শ্ৰেষ্ঠ তথ্যচিত্ৰৰ বঁটা গ্ৰহণ কৰি চিত্ৰ পৰিচালক পাৰ্থজিৎ বৰুৱাই কয় যে এই বঁটা নীলপৱন বৰুৱা ছাৰে জীৱন জুৰি কৰা শিল্প সাধনাৰ বাবে তেওঁৰ নামত উচৰ্গা কৰিব বিচাৰে।

উলেখ্য যে মুম্বাইত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় চুটি ছবি মহোৎসৱতো ব্ৰাছ ষ্ট্রক নামৰ ছবি খনে শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰিছিল।

Exit mobile version