Site icon Guwahati Times

ছয়মাইলৰ এপাৰ্টমেণ্টত যুৱতীৰ মৃতদেহ উদ্ধাৰ কাণ্ডৰ নতুন মোৰ! লিভ-ইন পাৰ্টনাৰ অভিযুক্ত মণি খান বিবাহিত

গুৱাহাটীৰ ছয়মাইলৰ পূৰ্বাশা এপাৰ্টমেণ্টৰ এটা ফ্লেটত এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ কাণ্ডই নতুন মোৰ লৈছে। মৃত অঞ্জুৱে প্ৰায় ৩ মাহ পূৰ্বৰ পৰা মণি খান নামৰ এজন লোকৰ সৈতে একেলগে এই এপাৰ্টমেণ্টত লিভ-ইনত আছিল। কিন্তু অভিযুক্ত হাউলীৰ মণি খান বিবাহিত আছিল আৰু তেওঁৰ দুটা সন্তান আছে। বিবাহিত হোৱাৰ পিছতো মণিয়ে অঞ্জুৰ সৈতে একেলগে প্ৰেম সম্পৰ্কত আছিল। প্ৰায় এসপ্তাহ পূৰ্বৰ পৰা মণি খান ফ্লেটত নাছিল বুলি জানিব পৰা গৈছে। অঞ্জুৰ মৃতদেহ উদ্ধাৰৰ পাছতেই মণিৰ মোৱাইল ফোন হঠাৎ বন্ধ হৈ পৰিল আৰু যুৱকজনৰ কোনো শুংসূত্ৰ নাই।

মহানগৰীত দেওবাৰে পুনৰ চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা পোহৰলৈ আহে। ছয়মাইলৰ এটা ফ্লেটতএগৰাকী যুৱতীৰ উৱলি যোৱা মৃতদেহ উদ্ধাৰ হয়। দুৰ্গন্ধই ছানি ধৰাৰ পাছত ছয়মাইলৰ পূৰ্বাশা এপাণ্টমেণ্টৰ আৱাসীয়ে দিছপুৰ আৰক্ষীক খবৰ দিলে। ফ্লেটৰ ভিতৰত আৰক্ষীয়ে বিচনাৰ ওপৰত পৰি থকা যুৱতীৰ মৃতদেহটো উদ্ধাৰ কৰিলে। অঞ্জুৰ সৈতে একেলগে বাস কৰা মণি খানে অঞ্জু দৰ্জীক হত্যা কৰা বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে। কাঠৰ ব্যৱসায়ী মণি খানে অঞ্জুক ইয়াৰ পূৰ্বেও হত্যা কৰাৰ চেষ্টা চলোৱা বুলি আৰক্ষীয়ে সন্দেহ কৰিছে। একেলগে বাস কৰি থকাৰ পিছত হঠাৎ কোঠাৰ ভিতৰতে অঞ্জুক হত্যা কৰি বাহিৰৰ পৰা দুৱাৰত হুক মাৰি অভিযুক্ত মণি ওলাই গৈছিল। এতিয়ালৈ আৰক্ষীয়ে মণিৰ কোনা খবৰ পোৱা নাই।

জানিব পৰা মতে, প্ৰায় ৪ মাহ পূৰ্বে বোকাজানৰ ঘৰৰ পৰা বিউটিচিয়ানৰ কাম কৰিবলৈ অঞ্জু গুৱাহাটীলৈ আহিছিল। গুৱাহাটীত আহি অঞ্জুৱে বিগত তিনি মাহৰ পৰা মণি খানৰ সৈতে লিভ ইনত থাকিবলৈ লয়। কিন্তু অঞ্জুৰ বোকাজানত থকা পৰিয়ালে মণি খানক চিনি পোৱা নাছিল। কেৱল ভিডিঅ’ কলত অঞ্জুৱে পৰিয়ালক দেখুৱাই দিয়াৰ লগতে মণিক পৰিচয় কৰাই দিছিল। বিগত ৪ দিনৰ পৰা পৰিয়ালে অঞ্জুৰ সৈতে কোনো যোগাযোগ কৰিব পৰা নাছিল।

এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে নিজৰ তদন্ত অব্যাহত ৰাখিছে। আৰক্ষীয়ে বৰ্তমান বৰপেটা জিলাৰ হাউলীৰ বৰবালা গাঁৱত থকা মণিৰ ঘৰকে আদি কৰি আন বহু ঠাইত মণি খানৰ সন্ধানত আৰম্ভ কৰিছে। দিছপুৰ আৰক্ষীয়ে ঘটনাস্থলীৰ লগতে ওচৰ পাজৰে সংযোজিত হৈ থকা CCTV বিচাৰিছে। লগতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঞ্জু দৰ্জীৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰিছে। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত অঞ্জু দৰ্জীক কেনেকৈ হত্যা কৰা হৈছিল সেই তথ্য পোহৰলৈ আহিব।

 

 

 

Source: https://assam.news18.com/news/assam/guwahati-crime-news-sixmile-murder-case-new-update-anju-live-in-partner-mani-is-already-married-has-two-children-sb-339641.html

Exit mobile version