Site icon Guwahati Times

ছাত্ৰ সংগঠন আমছুৰ উদ্যোগত কুসংস্কাৰ, বাল্য বিবাহ, শিশু শ্ৰমিকৰ বিৰুদ্ধে সজাগতা

ড্ৰাগছ – মদ – ভাং বন্ধ কৰাৰ দাবীত আৰু ঘৰে ঘৰে শিক্ষা প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ উদ্দেশ্য সজাগতা সমদল।

গোসাঁইগাঁৱত আমছুৰ বিশাল মটৰ চাইকেল সমদল । সমাজত চলি থকা কুসংস্কাৰৰ বিৰুদ্ধে এই সজাগতা সমদল ছাত্ৰ সংগঠন আমছুৰ। সমাজৰ মাৰাত্মক ব্যাধি মদ, ভাং, ড্ৰাগছ, বাল্য বিবাহ, শিশু শ্ৰমিকৰ বিৰুদ্ধে এই সমদল উলিওবা হয়।
বাইক ৰেলী উদ্বোধন কৰে আমছুৰ কেন্দ্ৰীয় সভাপতি ৰেজাউল কৰিম সৰকাৰে।

ড্ৰাগছ – মদ – ভাং বন্ধ কৰাৰ দাবীত আৰু ঘৰে ঘৰে শিক্ষা প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ উদ্দেশ্য সজাগতা সমদল। আজি গোসাঁইগাঁও মহকুমাৰ সেৰফাংগুৰিৰ পৰা উলিওৱা মটৰ চাইকেল ৰেলি হাউৰীয়াপেট, শিমূলটাপু , শ্ৰীৰামপুৰ, ভাওৰাগুৰি হৈ তুলসীবিলত সমাপ্ত কৰে। তুলসীবিলত এখন সজাগতা সভা অনুষ্ঠিত হয়। উক্ত মটৰ চাইকেল ৰেলিত এক হেজাৰ মটৰ চাইকেল আৰু ছাত্ৰ কৰ্মী অংশ গ্ৰহণ কৰে।

Exit mobile version