Site icon Guwahati Times

ছামীৰ পত্নী হাছিন জাহানে কলকাতা নাইট ৰাইডাৰ্ছৰ চিয়াৰলিডাৰ হৈ থাকোঁতে কিমান দৰমহা পাইছিল!

আইচিচি এদিনীয়া বিশ্বকাপৰ সময়ত মহম্মদ ছামীয়ে ভাৰতীয় দলৰ হৈ সুন্দৰ খেল খেলি থকাৰ সময়তে তেওঁৰ পত্নী হাছিন জাহানে পুনৰবাৰ ছ’চিয়েল মিডিয়াত ধাৰাবাহিকভাৱে ইংগিতদায়ক পোষ্টেৰে শিৰোনাম দখল কৰে।

হাছিন জাহানে নিজৰ ইনষ্টাগ্ৰাম পোষ্টত পৰোক্ষভাৱে বিভিন্ন বাৰ্তা দিয়াৰ চেষ্টা কৰিছিল। মহম্মদ ছামীৰ নামত পোনপটীয়াকৈ নল’লেও সেই সকলোবোৰ পোষ্ট ভাৰতীয় পেচাৰগৰাকীকে যে বুজাইছে বুলি বহুতে অনুমান কৰিছে।

উল্লেখ্য যে, মহম্মদ ছামীলৈ বিয়া হোৱাৰ পূৰ্বে হাছিন এগৰাকী চিয়াৰলিডাৰ আছিল আৰু KKRৰ চিয়াৰলিডাৰ হৈ থকা সময়তে হাছিনে ছামীৰ সৈতে চিনাকী হৈছিল। দুয়োৰে মাজত প্ৰথমে কথা-বতৰা আৰু পাছলৈ প্ৰেম আৰম্ভ হয়। ২০১৪ চনত ছামী আৰু হাছিন বিবাহপাশত আৱদ্ধ হয়। তেওঁলোকৰ এজনী কন্যা সন্তানো আছে।

কিন্তু বিয়াৰ ৪ বছৰৰ ভিতৰত হাছিনে ছামীৰ বিৰুদ্ধে একাধিক অভিযোগ দাখিল কৰে। ইয়াৰ পাছতেই সিহঁতৰ সম্পৰ্কত ফাঁট মেলে। বৰ্তমান দুয়োজনেই পৃথকে পৃথকে থাকে। ছামীক প্ৰতিমাহে ৫০ হাজাৰ টকাকৈ হাছিনক দিবলৈ শেহতীয়াকৈ আদালতৰ তৰফৰ নিৰ্দেশ দিয়া হৈছিল।

ব্যক্তিগত জীৱনত সমস্যা থকাৰ সময়তো হাছিন জাহান ছচিয়েল মিডিয়াত অতি সক্ৰিয়। তেওঁ প্ৰায়ে নিজৰ ৰীল আৰু ফটো শ্বেয়াৰ কৰে। তেওঁৰ ফেন ফ’ল’ৱাৰো বহুত আছে। গতিকে হাছিনৰ ব্যক্তিগত বিষয়বোৰ জানিবলৈ অনুৰাগীৰ কৌতুহল কম হোৱা নাই।

কে কে আৰৰ চিয়াৰলিডাৰ হৈও সেই সময়ত যথেষ্ট বিখ্যাত আছিল হাছিন জাহান। চিয়াৰলিডাৰৰূপে কিমান টকা উপাৰ্জন কৰিছিল সেয়া বহুতৰে অজ্ঞাত।

সূত্ৰ অনুসৰি IPLৰ প্ৰতিটো দলৰ চিয়াৰলিডাৰৰ দৰমহা বেলেগ বেলেগ যদিও সাধাৰণতে তেওঁলোকৰ দৰমহা ১৪ৰ পৰা ১৭ হাজাৰ টকাৰ ভিতৰত হয়। আনহাতে, চিয়াৰলিডাৰসকলে প্ৰতিখন মেচতে ৪ৰ পৰা ৬ হাজাৰ টকাৰ ইনচেনটিভ লাভ কৰে।

ইয়াৰোপৰিও বিজয়ী দলৰ চিয়াৰলিডাৰসকলে ৩০০০ টকাৰ বোনাছ লাভ কৰে। লগতে পাৰ্টীত কৰা প্ৰদৰ্শনৰ বাবে ৫,০০০ টকাৰ পৰা ১২,০০০ টকা, আৰু ফটোশ্বুটৰ বাবে পৃথকে ৩,০০০ টকাৰ পৰা ৫,০০০ টকা লাভ কৰে। ফলস্বৰূপে ধৰি ল’ব পাৰি যে হাছিন জাহানৰ উপাৰ্জন বেয়া নাছিল। কিন্তু হাছিনে এই বিষয়ে নিজে একো কোৱা নাই।

Exit mobile version