Site icon Guwahati Times

জম্মু–কাশ্মীৰত ভাৰতীয় সেনাৰ এনকাউণ্টাৰত নিহত তিনি পাক সন্ত্ৰাসবাদী

চিৰবৈৰী পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ প্ৰতিশোধ। জম্মু–কাশ্মীৰৰ বাৰামুলাত ভাৰতীয় সেনা আৰু জম্মু–কাশ্মীৰ আৰক্ষীৰ গুলীত নিহত হ’ল তিনি পাক সন্ত্ৰাসবাদী (Jammu and Kashmir Encounter)। ১৩ ছেপ্টেম্বৰত অনন্তনাগত সন্ত্ৰাসবাদবিৰোধী অভিযানত ভাৰতীয় সেনাৰ এগৰাকী কৰ্ণেল, এগৰাকী মেজৰ আৰু জম্মু–কাশ্মীৰ আৰক্ষীৰ এগৰাকী ডিএছপি শ্বহীদ হৈছিল। তাৰ পিছতে পাক সন্ত্ৰাসবাদীৰ বিৰুদ্ধে কঠোৰ অভিযান আৰম্ভ কৰে ভাৰতীয় সেনা আৰু জম্মু–কাশ্মীৰ আৰক্ষীয়ে।

জম্মু–কাশ্মীৰৰ বাৰামুলা জিলাত নিৰাপত্তাৰক্ষীৰ এনকাউণ্টাৰত নিহত হৈছে আৰু এটা সন্ত্ৰাসবাদী। আজি পুৱাৰে পৰা নিৰাপত্তাৰক্ষীৰ গুলীত নিহত হয় তিনিটা সন্ত্ৰাসবাদী। ভাৰতীয় সেনা আৰু জম্মু–কাশ্মীৰ আৰক্ষীৰ যৌথ অভিযান বৰ্তমানো অব্যাহত আছে অঞ্চলটোত।

সেনাৰ চিনাৰ কৰ্প’ছৰ ফালৰ পৰা জনোৱা মতে, সেনা, আৰক্ষী আৰু চোৰাংচোৱাৰ যৌথ অভিযানত আজি পুৱা বাৰামুলাৰ উৰি ছেক্টৰৰ LoCৰ সমীপত এই সংঘৰ্ষ হয়। নিৰাপত্তাৰক্ষীয়ে তিনি সন্ত্ৰাসবাদীক গুলীয়াই হত্যা কৰে। ইয়াৰ ভিতৰত দুটা সন্ত্ৰাসবাদীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে, তৃতীয়টো সন্ত্ৰাসবাদীৰ মৃতদেহ উদ্ধাৰ হোৱা নাই। নিৰাপত্তাৰক্ষীৰ অভিযান অব্যাহত আছে।

Exit mobile version