Site icon Guwahati Times

জোঁৱায়েক নাজিবুৰ ৰহমান লাভ জেহাদী! হত্যাকাৰী নাজিবুৰৰ ফাঁচিৰ দাবী বিশ্ব হিন্দু পৰিষদৰ

গোলাঘাটৰ লোমহৰ্ষক ত্ৰিপল মাৰ্ডাৰক লৈ জিলাখনত অব্যাহত আছে প্ৰতিক্ৰিয়া। গোলাঘাট আৰক্ষী থানাৰ সন্মুখত প্ৰতিবাদত চামিল হ’ল বিভিন্ন দল-সংগঠন৷ গোলাঘাট হিন্দী স্কুল ৰোডত সংঘটিত হোৱা হত্যাকাণ্ডত জড়িত দোষী নাজিবুৰ ৰহমান বৰাক ফাঁচি দিয়াৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীসকলে।

ইয়াৰ লগতে বিশ্ব হিন্দু পৰিষদৰ গোলাঘাট জিলা সমিতিয়ে এই হত্যাকাণ্ডৰ প্ৰতিবাদকল্পে গোলাঘাট জিলা বন্ধৰ আহ্বান জনাইছে। সংগঠনটোৰ মতে, হিন্দু যুৱতী আৰু বোৱাৰীক লাভ জেহাদৰ বলি কৰি হত্যা কৰা ঘটনা কোনো কাৰণতে সহ্য নকৰে সংগঠনটোৱে। সেয়ে ২৫ জুলাইৰ পুৱা ৫ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ ১২ ঘণ্টীয়া বন্ধৰ আহ্বান জনায় সংগঠনটোৱে হত্যাকাৰীৰ ফাঁচিৰ দাবী জনায়।

উল্লেখ্য, আজি দিন–দুপৰতে গোলাঘাটৰ হিন্দী স্কুল ৰোডত জোঁৱায়েকে নাজিবুৰে পত্নী আৰু শহুৰেক–শাহুৱেকক হত্যা কৰি ঘৰৰ ভিতৰতে পেলাই থৈ যায় মৃতদেহ। শহুৰেক সঞ্জীৱ ঘোষ, শাহুৱেক জুনু ঘোষ আৰু স্ত্ৰী সংঘমিত্ৰা ঘোষক হত্যা কৰি জোঁৱায়েক নাজিবুৰ ৰহমান বৰাই ৯ মহীয়া সন্তানক লৈ থানাত আত্মসমৰ্পণ কৰে। এই ঘটনাই গোলাঘাটত চাঞ্চল্যৰ সৃষ্টি কৰে।

Exit mobile version