Site icon Guwahati Times

জ্যেষ্ঠ সাংবাদিক পি পি সিঙৰ দেহাৱসান, সাংবাদিকতাৰ লগতে জড়িত আছিল সমাজ সেৱাতো

৭২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিলে জ্যেষ্ঠ সাংবাদিক পি পি সিঙে। হৃদৰোগৰ বাবে দেওবাৰে গুৱাহাটীত শেষ নিশ্বাস ত্যাগ কৰে জ্যেষ্ঠ সাংবাদিক তথা সমাজকৰ্মীগৰাকীয়ে। বিগত কিছুদিন ধৰি সাংবাদিকগৰাকী হৃদৰোগত আক্ৰান্ত হৈ আছিল

সাংবাদিকতাৰ ক্ষেত্ৰখনত ৩০ বছৰতকৈও অধিক সময় ধৰি কাম কৰিছিল পি পি সিঙে। ত্ৰিপুৰাত ‘দ্য টাইমছ অৱ ইণ্ডিয়া’ৰ জৰিয়তে তেওঁ নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। ইকো টাইমছ আৰু বিবিচিতো কাম কৰি জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে উত্তৰ-পূবৰ পৰা প্ৰথমটো নিউজ পৰ্টেল আৰম্ভ কৰিছিল।

Exit mobile version