Site icon Guwahati Times

ডায়েবেটিছ বা মধুমেহ ৰোগৰ পৰা কেনেকৈ বাচি থাকিব? আয়ুৰ্বেদিক চিকিৎসকে কি কয়?

ডায়েবেটিছ বা মধুমেহ এক মাৰাত্মক ৰোগ। এই মাৰাত্মক ৰোগৰ পৰা আপুনি কেনেকৈ হাত সাৰি থাকিব? ডায়েবেটিছৰ কোনো স্থায়ী চিকিৎসা নাই।

আমি স্বাস্থ্যকৰ জীৱনশৈলী আৰু খাদ্যাভ্যাস যদি সূচাৰুৰূপে ৰূপায়ণ কৰিব পাৰো তেন্তে ডায়েবেটিছৰ পৰা হাত সাৰি থাকিব পাৰিম।

যিসকল লোকে অধিক খাদ্য গ্ৰহণ কৰে, বেছি মিঠা বস্তু খাই আৰু আৰামত থাকে প্ৰায় তেনে লোকৰ ডায়েবেটিছ হোৱা পৰিলক্ষিত হয়।

আমাৰ বিভিন্ন ৰোগৰ বাবে দায়ী জীৱনশৈলী আৰু খাদ্যাভ্যাস। জীৱনশৈলী আৰু খাদ্যাভ্যাস যদি সঠিকভাৱে ৰূপায়ণ কৰিলে মাৰাত্মক ৰোগৰ পৰা বাচি থাকিব পাৰি।

প্ৰথমতে ৰোগীসকলক আহাৰ গ্ৰহণৰ ক্ষেত্ৰত নিয়ন্ত্ৰণ ৰাখিবলৈ কোৱা হয়। মিঠা জাতীয় খাদ্য কমকৈ খাবলৈ কোৱা হয় লগতে ব্যায়াম কৰিবলৈ দিয়া হয়।

Exit mobile version