Site icon Guwahati Times

‘তাই বেলেগক এছএমএছ কৰে, বেলেগৰ সৈতে…, সেয়ে মাৰি দিলো’ – তেজপুৰত পত্নীক দুচেও কৰিলে স্বামীয়ে

তেজপুৰৰ চামধৰাত নৃশংস হত্যাকাণ্ড। পত্নীক কাটি দুচেও কৰিলে স্বামীয়ে। মৃত মহিলাগৰাকীৰ নাম শান্তি ঘোষ। স্বামী ইন্দ্ৰজিত ঘোষে সংঘটিত কৰিলে এই নাৰকীয় ঘটনা। পাৰিবাৰিক কন্দলৰ পৰিণতিতে এই নৃশংস হত্যাকাণ্ড সংঘটিত হোৱাৰ অভিযোগ। হত্যাকাণ্ডৰ পিছতে বৰঘাট আৰক্ষী চকীত আত্মসমৰ্পণ কৰে হত্যাকাৰী স্বামীয়ে। আৰক্ষীৰ ওচৰত হত্যাকাৰীয়ে জমা দিয়ে হত্যাকাণ্ডত ব্যৱহৃত দা।

পৰ পুৰুষৰ সৈতে অবৈধ সম্পৰ্ক ৰক্ষা কৰাৰ অভিযোগতে পত্নীক অতি নৃশংসভাৱে হত্যা কৰে লোকজনে। পেছাত মিস্ত্ৰীৰ যোগালী ইন্দ্ৰজিত ঘোষে হত্যাকাণ্ড সংঘটিত কৰাৰ পিছতে আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে। সংবাদ মাধ্যমৰ আগত হত্যাকাৰীয়ে কয়, ‘তাই বেলেগক এছ এম এছ কৰে, বেলেগৰ সৈতে প্ৰেম আছে, সেয়ে মাৰি দিলো দাৰে।’

Exit mobile version