Site icon Guwahati Times

দিল্লীত আলফাৰ ত্ৰিপাক্ষিক বৈঠক সমাপ্ত, পৰৱৰ্তী বৈঠকক লৈ আশাবাদী আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়া

বহু আশাৰে দীৰ্ঘবিৰতিৰ অন্তত নতুন দিল্লীলৈ গৈ আলোচনাত মিলিত হ’ল আলোচনাপন্থী আলফাৰ নেতৃত্ব ৷ পিছে বৰ বিশেষ ভাল ফলাফল নাপালে আলফাৰ নেতৃত্বই ৷ শুকুৰবাৰে নতুন দিল্লীত সম্পন্ন হয় আলফা-চৰকাৰৰ ত্ৰিপাক্ষিক বৈঠক ৷ চৰকাৰৰ মধ্যস্থতাকাৰী, কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ প্ৰতিনিধি আৰু অসম আৰক্ষীৰ সঞ্চালকপ্ৰধানৰ উপস্থিতিত বৈঠকখন অনুষ্ঠিত হয় ৷

বৈঠকৰ অন্তত আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াই Mediaক ক’লে— “আজিৰ বৈঠকখনক লৈ বৰ বিশেষ ক’বলগীয়া নাই ৷ অৱশ্যে বৈঠকখন ইতিবাচকভাৱে সম্পন্ন হ’ল ৷ পৰৱৰ্তী বৈঠক কম দিনৰ ভিতৰতে অনুষ্ঠিত হ’ব বুলি আশা কৰিছোঁ ৷

“আজিৰ বৈঠকখনত মধ্যস্থতাকাৰী আৰু গৃহ মন্ত্ৰালয়ৰ প্ৰতিনিধিবৰ্গই সকলো বিষয়কে ইতিবাচকভাৱে লোৱা দেখা গ’ল ৷ খিলঞ্জীয়াৰ ৰাজনৈতিক অধিকাৰৰ বিষয়টো এতিয়াও ওলমি ৰৈছে ৷ এই বিষয়ত আলোচনা হৈছে ৷ আইনগতভাৱে বিষয়টোৰ সমাধান সূত্ৰ উলিওৱাৰ চেষ্টা কৰা হৈছে”— Mediaক জনালে অনুপ চেতিয়াই ৷

শুকুৰবাৰৰ বৈঠকত আলফাৰ হৈ সাধাৰণ সম্পাদক অনুপ চেতিয়া, সভাপতি অৰবিন্দ ৰাজখোৱা,  বৈদেশিক সচিব শশধৰ চৌধুৰী আৰু উপ সেনাধ্যক্ষ ৰাজু বৰুৱা উপস্থিত আছিল

Exit mobile version