Site icon Guwahati Times

দীপাৱলীৰ দিনা তেজপাতেৰে কৰক এই কাম, উদয় হ’ব আপোনাৰ ভাগ্য

পোহৰৰ উৎসৱ দীপাৱলীতে আপোনাৰো ভাগ্য উদয় হ’ব যদিহে কৰে এই কাম। এই সময়খিনিত দেৱী লক্ষ্মীক যদি আপুনি সন্তুষ্ট কৰিব পাৰে তেনেহ’লে ধন–সম্পত্তিৰে ভৰি পৰিব আপোনাৰ ঘৰ। কিন্তু কি কৰিলে সন্তুষ্ট হ’ব লক্ষ্মী দেৱী?

দীপাৱলীৰ দিনা মাতৃ লক্ষ্মী আৰু গণেশ ভগৱানক পূজা কৰা হয়। সকলোৱে ঘৰৰ সুখ শান্তিৰ বাবে কৰে প্ৰাৰ্থনা। এই দিনটোত লক্ষ্মী দেৱীক সন্তুষ্ট কৰিবলৈ লোৱা কিছু ব্যৱস্থা অতি ফলদায়ক এক বিশ্বাস আছে। ইয়াৰে ভিতৰত তেজপাতেৰে পূজা কৰিলে দেৱী লক্ষ্মী সন্তুষ্ট হয় বুলি কোৱা হয়।

তেজপাতেৰে পূজা কৰিলে দেৱী লক্ষ্মী সুখী হয় আৰু সকলো আৰ্থিক সমস্য দূৰ কৰে বুলি এক লোকবিশ্বাস আছে। পিছে তেজপাত দেৱী লক্ষ্মীক কেনেকৈ আগবঢ়াব। ইয়াৰো আছে কিছু নিয়ম।

দীপাৱলীৰ দিনা তেজপাতত সেন্দুৰৰ ফোট লগাই তাৰ ওপৰত নিজৰ মনোকামনা লিখি নিজৰ ঘৰৰ মন্দিৰত অৰ্পণ কৰক। এনে কৰিলে লক্ষ্মী দেৱী সন্তুষ্ট হৈ আপোনাৰ মনোকামনা পূৰ্ণ হ’ব। দূৰ হ’ব আপোনাৰ ঘৰুৱা অশান্তি।

দীপাৱলীৰ দিনটোৰ পৰা আৰম্ভ কৰি প্ৰতিদিনে সন্ধিয়া দুটাকৈ তেজপাত ৭ দিন জ্বলাই দিব লাগে। ইয়াৰ ফলত স্বামী-স্ত্ৰীৰ সম্পৰ্কত মধুৰ আৰু সম্পৰ্ক অধিক শক্তিশালী হয় বুলি কোৱা হয়।

Exit mobile version