Site icon Guwahati Times

দীপাৱলীৰ সন্ধিয়া দিছপুৰৰ বিধায়ক আৱাসত গুলীচালনা নে আন কিবা!

দীপাৱলীৰ আনন্দৰ মাজতে সন্ধিয়া ৰাজধানী দিছপুৰৰ বিধায়ক আৱাসত সংঘটিত হৈছে এক ৰহস্যজনক ঘটনা। আজি সন্ধিয়া ৭ বজাত সংঘটিত হয় এই ঘটনা। ঘটনা অনুসৰি, C ব্লকৰ প্ৰথম মহলাত ভাঙিল গ্লাছ। বিধায়ক আৱাসৰ গ্লাছ ভঙা ঘটনাক লৈ সৃষ্টি হৈছে ৰহস্য। জানিব পৰা মতে, বিধায়ক দেৱব্ৰত শইকীয়াই প্ৰত্যক্ষ কৰে ঘটনাটো। উক্ত বিধায়কৰ আৱাসটোত গুলীয়ে কৰা আঘাতৰ দৰে এক চিহ্ন সৃষ্টি হৈছে। বেলকনিৰ গ্লাছত দেখা গ’ল এক ছিদ্ৰ। উক্ত ঘটনাৰ তদন্ত দাবী কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই।

বিধায়ক আৱাসত এই ঘটনা সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষীৰ শীৰ্ষ বিষয়া। ঘটনাস্থলীত উপস্থিত হয় মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰা, পূব আৰক্ষী জিলাৰ ACP প্ৰাঞ্জল বৰুৱাৰ লগতে নিৰাপত্তা বিভাগৰ DCP ধ্ৰুৱ বৰা। উল্লেখযোগ্য যে,
ঘটনাস্থলীত বিকল হৈ আছে C ব্লকৰ CCTV। এইখিনিতে স্বাভাৱিকতে প্ৰশ্ন উঠিছে যে, বিধায়ক আৱাসৰ দৰে গুৰুত্বপূৰ্ণ স্থানতে যদি CCTV বিকল হৈ থাকে, তেন্তে মহানগৰীত কিমান সুৰক্ষিত সাধাৰণ জনতা? জানিব পৰা মতে, প্ৰথম মহলাৰ আৱাসত থাকে বিধায়ক ৰূপজ্যোতি কুর্মী, মৃণাল শইকীয়া। আনহাতে, দ্বিতীয় মহলাত থাকে ৰকিবুল হুছেইন, ৰফিকুল ইছলাম আৰু তৃতীয় মহলাত থাকে দেৱব্ৰত শইকীয়া, দ্বৈপায়ন চক্ৰৱৰ্তী

ঘটনাৰ পিছতে প্ৰাথমিকভাৱে এয়া বুলেটৰ চিহ্ন বুলি সন্দেহ কৰা হৈছে। ঘটনাস্থলীত উপস্থিত হৈ সমগ্ৰ ঘটনা সন্দৰ্ভত মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই কয়, “বুলেট হয় নে নহয় সঠিককৈ ক’ব নোৱাৰি। কিন্তু বুলেটতকৈ আঘাতৰ চিন ডাঙৰ হৈছে। ভিতৰৰ পৰা বাহিৰলৈ ওলাই গৈছে। বিভিন্ন কাৰ্টিজ আনি চোৱা হৈছে। কিন্ত বুলেটৰ চিনতকৈ ডাঙৰ।কোনো জোং থকা সামগ্ৰীৰে খুচা যেন লাগিছে। কাইলৈ ফৰেন্সিকৰ সহায় লোৱা হ’ব। আজিৰ নে আগৰ ক’ব নোৱাৰি।”

Exit mobile version