Site icon Guwahati Times

“দুঘণ্টাৰ যৌন সম্পৰ্কই সফলতা আনে!”- এই চাঞ্চল্যকৰ দাবী এগৰাকী খেলুৱৈৰ

বিভিন্ন খেলুৱৈয়ে প্ৰদৰ্শন বৃদ্ধিৰ বাবে বিভিন্ন পন্থা গ্ৰহণ কৰে। কোনোবাই কঠোৰ পৰিশ্ৰম কৰে। কিছুমানে আকৌ কৌশলৰ ওপৰত গুৰুত্ব আৰোপ কৰে। কিন্তু বাস্কেটবল খেলুৱৈ জেনিছ টিমাৰ সফল প্ৰদৰ্শনৰ আঁৰত লুকাই আছে পত্নীৰ সৈতে দুঘণ্টাৰ যৌন সম্পৰ্ক!

শেহতীয়াকৈ দিয়া এক সাক্ষাৎকাৰত টিমাৰ পত্নী আন্না চেড’কোভাই এই তথ্য ফাদিল কৰিছে। কাকতলীয়াকৈ ক’বলৈ গ’লে চেড’কোভা এগৰাকী জনপ্ৰিয় গায়িকা। টিমা তেওঁৰ তৃতীয় স্বামী আৰু প্ৰায় দহ বছৰ ডাঙৰ। সাক্ষাৎকাৰত তেওঁক সোধা হৈছিল, ব্যস্ত জীৱনত ইজনে সিজনৰ লগত কিমান সময় কটাব পাৰে?

চেডোকোভাই ক’লে, “আপুনি যৌনতাৰ কথা সুধিছে নেকি? আমাৰ যৌন সম্পৰ্ক ১৫ মিনিটত শেষ নহয়। কাৰণ স্বামীৰ ইচ্ছা সহজে পূৰণ নহয়। আমি কমেও দুঘণ্টা ধৰি যৌন সম্পৰ্ক স্থাপন কৰো। কেতিয়াবা মই ভাবো সময় কম হ’লে ভাল হ’লহেঁতেন।”

লাটভিয়াৰ বাস্কেটবল খেলুৱৈ টিমাই এতিয়া এনবিএৰ জি লীগত লেকলেণ্ড মেজিক ক্লাবৰ হৈ খেলে। আন্তঃৰাষ্ট্ৰীয় খেলত লাটভিয়াৰ হৈ খেলিছিল। তেওঁ ২০১০ চনত ইউৰোপীয় ১৮ বছৰ অনুৰ্ধ চেম্পিয়নশ্বিপত ব্ৰঞ্জ বিজয়ী দলৰ অংশ আছিল। তেওঁৰ স্পেইনৰ বিভিন্ন ক্লাবত খেলাৰ অভিজ্ঞতা আছে।

Exit mobile version