Site icon Guwahati Times

দুবছৰ নহওতেই বাগৰি পৰিল মঙলদৈ বৰপুখুৰী পাৰৰ পকি দেৱাল |

মঙলদৈ, ৫ এপ্ৰিল : মঙলদৈ চহৰৰ মাজমজিয়াত থকা ঐতিহাসিক বৰপুখুৰীৰ পূৱ আৰু দক্ষিণ পাৰদুটা কাটি তাত এখন উদ্যান নিৰ্মাণ কৰা হৈছিল যাৰ নাম দিয়া হৈছিল জয়ন্ত হাজৰিকাৰ নামেৰে। বিধায়ক উন্নয়ন পূজিৰ ১৭ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই উদ্যান খনৰ দুটা দিশত পুখুৰীৰ ফালে প্ৰাক্ কলন অনুসৰি ১.২ লাখ টকাৰে পকি দেৱাল নিৰ্মাণ কৰি ওপৰৰ অংশত লোৰ গ্ৰীল দিছিল যাতে উদ্যানলৈ অহা লোক পুখুৰীত নপৰে। কিন্তু ২০১৭ চনৰ ১০ মে’ত উদ্বোধন কৰা এই উদ্যানখনৰ পূৱ দিশৰ দেৱালখনৰ প্ৰায় ৬০ ফুট আজি বাগৰি পৰে। যোৱা কেবাদিন ধৰি হৈ থকা বৰষুণৰ বাবে দুবছৰ নহওতেই দেৱালখন এনেদৰে বাগৰি পৰাত ইয়াৰ কাৰিকৰী দিশটোত যে গাফিলতি হৈছিল তাকেই প্ৰতিপন্ন কৰিছে। বিভাগীয় কতৃপক্ষৰ গা এৰা মনোভাৱৰ বাবেই এনেদৰে চৰকাৰী ধন শৰাধ হোৱা বুলি সচেতন মহলে মন্তব্য কৰিছে।

মকছেদ আলি Report -GTM

Exit mobile version