Site icon Guwahati Times

দুৰ্ঘটনাত পতিত ‘খাপলাং কাই’ৰ ‘দাংকাটি বাই’, এতিয়া প্ৰেমানন্দ বৰুৱাৰ স্বাস্থ্যৰ অৱস্থা কেনেকুৱা?

ৰাজ্যৰ অভিনয় জগতলৈ এক দুখবৰ। দুৰ্ঘটনাত পতিত জনপ্ৰিয় কৌতুক অভিনেতা প্ৰেমানন্দ বৰুৱা। কিছুদিন পূৰ্বে জনপ্ৰিয় অভিনেতাগৰাকীয়ে দুৰ্ঘটনাত পতিত হৈছে। খবৰ অনুসৰি মঙলদৈ চহৰৰ পৰা গাঁৱৰ ঘৰলৈ গৈ আছিল অভিনেতাগৰাকী কিন্তু হঠাৎ বাহনৰ আগত ক’ৰবাৰ পৰা শিয়াল এটা আহি আগত পৰে। আৰু তৎমুহূৰ্ততে বাহনৰ নিয়ন্ত্ৰণ হেৰুৱাই পেলাই অভিনেতাগৰাকীয়ে।

সোঁহাতত অস্ত্ৰোপচাৰ কৰিব লগাই হৈছে অভিনেতাগৰাকীৰ। গুৱাহাটীৰ AIIMSত  কিছুদিন চিকিৎসাধীন হৈও আছিল অভিনেতাগৰাকী। দুৰ্ঘটনাত পতিত হৈ সোঁহাতৰ দুদাল হাঁড় ভাঙিছে অভিনেতাগৰাকীৰ। দুৰ্ঘটনাত সংঘটিত হোৱাৰ সময়ত অভিনেতাগৰাকীৰ সৈতে আছিল নিজ কন্যাও। চিকিৎসাৰ অন্তত ঘৰলৈ উভতিছে যদিও বৰ্তমানেও সম্পূৰ্ণ সুস্থ হৈ উঠা নাই অভিনেতাগৰাকী।

উল্লখ্যে যে জনপ্ৰিয় ধাৰাবাহিক ‘খাপালাং কাই’ৰ ‘দাংকাটি বাই’ ৰূপে খ্যাত আছিল অভিনেতা প্ৰেমানন্দ বৰুৱা। দুৰ্ঘটনাত পতিত হোৱাৰ বাবে বহু বিহুৰ অনুষ্ঠান বাতিল কৰিব লগা হৈছে কৌতুক অভিনেতাগৰাকীয়ে।

Exit mobile version