Site icon Guwahati Times

দেশত কিছুদিনৰ পিছতে বলবৎ হ’ব কা

দেশত নাগৰিকত্ব সংশোধনী আইন বলবৎ কৰিবলৈ বদ্ধপৰিকৰ কেন্দ্ৰ। এই কথা শেহতীয়াকৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ভাষণত স্পষ্ট হল। যোৱা দেওবাৰে পশ্চিম বংগৰ এক বিশাল ৰেলীত ভাগ লৈ ৰখা বক্তব্যত গৃহমন্ত্ৰীগৰাকীয়ে কয় যে, কোৰোনাৰ টীকাকৰণ সম্পূৰ্ণ হলেই দেশজুৰি কা বলবৎ কৰা হব।

কোৰোনাকেন্দ্ৰিক পৰিস্থিতিৰ বাবে আইন খন বলবতৰ ক্ষেত্ৰত কিছু পলম হৈছে বুলিও উল্লেখ কৰে শ্বাহে। ইফালে শ্বাহৰ এই ঘোষণাৰ পাছতে দেশজুৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। কা বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰখা দল-সংগঠনে কেন্দ্ৰক কটাক্ষ কৰি কৈছে যে, কা আৰু কোৰোনাক একাকাৰ কৰিব বিচাৰিছে কেন্দ্ৰই। কোৰোনাক কেন্দ্ৰ কৰি কা কেতিয়াও বলবৎ কৰিবলৈ দিয়া নহব।

Exit mobile version