Site icon Guwahati Times

দেশত কোৰোনাত আক্ৰান্তৰ সংখ্যা ৮৯ লাখলৈ বৃদ্ধি

ভাৰতসহ বিশ্বৰ প্ৰায় ১৮০খন দেশত কোৰোনা ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি পাই গৈ আছে। এতিয়ালৈকে সমগ্ৰ বিশ্বত এই ভাইৰাছত আক্ৰান্তৰ লোকৰ সংখ্যা ৫.৫৬ কোটিৰো অধিক আৰু মৃত্যু হোৱা লোকৰ সংখ্যা ১৩.৩৭ লাখ অতিক্ৰম কৰিছে। ভাৰততো প্ৰতিদিনাই এই ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে।

স্বাস্থ্য মন্ত্ৰণালয়ে বুধবাৰে সদৰী কৰা তথ্য অনুসৰি, দেশত কোভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা ৮৯লাখৰো অধিক হৈছেগৈ। বৰ্তমানলৈ ৮৯,১২,৯০৭জন লোক আক্ৰান্ত হৈছে কোৰোনাত। ইফালে, যোৱা ২৪ ঘন্টাত (মঙলবাৰৰ পুৱা ৮ বজাৰ পৰা বুধবাৰৰ পুৱা ৮ বজালৈকে) নতুনকৈ দেশত ৩৮,৬১৭জনৰ দেহত ধৰা পৰিছে কোভিড পজিটিভ।

ইফালে, এই সময়চোৱাতে দেশত সুস্থ হৈছে ৪৪৭৩৯জন আৰু ৪৭৪জনে হেৰুৱাইছে প্ৰাণ। এতিয়ালৈকে ভাৰতত মুঠ ৮৩,৩৫,১০৯জন লোক সুস্থ হোৱাৰ বিপৰীতে ১৩০৯৯৩জন লোকে হেৰুৱাইছে প্ৰাণ। অৱশ্যে যোৱা কিছুদিনৰ পৰা নতুনকৈ সংক্ৰমিত হোৱা লোকৰ তুলনাত আৰোগ্য হোৱা লোকৰ সংখ্যা অধিক দেখা পোৱা গৈছে।

Exit mobile version