Site icon Guwahati Times

দেহত তেজ, অৰ্ধ নগ্ন অৱস্থাত সহায় বিচাৰি ১২ কিলোমিটাৰ খোজ কাঢ়িলে ধৰ্ষণৰ বলি হোৱা কিশোৰীয়ে…

মানুহ কিয় ইমান নীচ! পশুতকৈ অধম হৈ গৈছে নেকি মানৱ প্ৰজাতিটো? একাংশ নিকৃষ্ট মনৰ মানুহৰ বাবে ধ্বংস হৈ যায় এটা পৰিয়াল,এগৰাকী ছোৱালীৰ ভৱিষ্যত।

পুনৰ দেশত সংঘটিত হৈছে গাৰ নোম শিয়ৰি উঠা এক ধৰ্ষণ কাণ্ড। মধ্য প্ৰদেশৰ উজ্জৈনত সংঘটিত হৈছে মানৱ জাতিক লজ্জিত কৰা এক জঘন্য ঘটনা। জানিব পৰা মতে এগৰাকী ১২ বছৰীয়া কিশোৰীৰ লগত ধৰ্ষণ কাণ্ড সংঘটিত হয়।যেতিয়া কিশোৰীগৰাকীয়ে সংকটজনক অৱস্থাত সহায় বিচাৰে কোনোৱে সহায় নকৰে তেওঁক।

অৰ্ধ-উলংগ অৱস্থাত কিশোৰীগৰাকীয়ে সহায়ৰ সন্ধানত ১০-১২ কিলোমিটাৰ খোজ কাঢ়ে। কিন্তু কোনেও তেওঁক সহায় কৰা নাছিল। পাছত এজন আশ্ৰম আচাৰ্যই ভুক্তভোগীগৰাকীক সহায় কৰে। কিশোৰীগৰাকীয়ে সহায় বিচাৰি ফুৰা ভিডিঅ’ চিচিটিভিত আৱদ্ধ হৈছে।

২৫ ছেপ্টেম্বৰ সোমবাৰে পুৱা উজ্জৈনৰ পৰা প্ৰায় ১৫ কিলোমিটাৰ দূৰৰ বৰনগৰ ৰোডস্থিত দণ্ডী আশ্ৰমৰ ওচৰত এগৰাকী ১২ বছৰীয়া কিশোৰীক অৰ্ধসচতেচন অৱস্থাত উদ্ধাৰ হয়। উদ্ধাৰৰ সময়ত কিশোৰীগৰাকীৰ দেহৰ পৰা তেজ ওলাই আছিল আৰু অৰ্ধ নগ্ন অৱস্থাত আছিল।

কিশোৰীগৰাকীৰ অৱস্থা দেখি আশ্ৰমখনৰ আচৰ্যগৰাকীয়ে তেওঁৰ দেহত কাপোৰ দি আৰক্ষীক খবৰ দিয়ে। প্ৰথমে কিশোৰীগৰাকীক জিলা হাস্পাতালত ভৰ্তি কৰোৱা হৈছিল যদিও সংকটজনক অৱস্থাত তেওঁৰ ইন্দোৰলৈ ৰেফাৰ কৰে।

এই ঘটনাৰ বাবে যেতিয়া আৰক্ষীয়ে তদন্তৰ বাবে যেতিয়া আৰক্ষীয়ে চিচিটিভি ফুটেজ সংগ্ৰহ কৰে তেতিয়া দেখা পাই যে কিশোৰীগৰাকীয়ে সহায় ভিক্ষা কৰি আছিল স্থানীয় লোকসকলক । কিন্তু কোনোৱে তেওঁক সহায় নকৰিলে। কিশোৰীগৰাকীৰ ঘৰ প্ৰয়াগৰাজত বুলি জানিব পৰা গৈছে। এতিয়ালৈকে ঘটনা সন্দৰ্ভত কোনো লোক গ্ৰেপ্তাৰ হোৱা নাই।ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

Exit mobile version