Site icon Guwahati Times

ধলাৰ ঘটনাক লৈ নগাঁৱত ৰাজেন গোঁহাইৰ প্ৰতিক্ৰিয়া ।

ধলাৰ ঘটনাক লৈ নগাঁৱত ৰাজেন গোঁহাইৰ প্ৰতিক্ৰিয়া ।

এইবাৰ ধলাৰ ঘটনাক লৈ ৰাজনীতি ৰে’ল ৰাজ্যমন্ত্ৰী ৰাজেন গোহাঁইৰ।অসমীয়া জাতি হেনো নি:শেষ হৈ যাব হিন্দু বাংলাদেশীক আদৰি নল’লে । অসমীয়া জাতি ধ্বংসৰ গৰাহলৈ যাব কাৰণ সকলোৱে অসমীয়া জাতিক আদৰি ল’ব বিচাৰিছে কিন্ত অসমীয়া জাতি তাৰ পৰা আঁতৰি আঁতৰি আহিছে । অসমীয়া জাতিয়ে মিত্ৰ কোন শত্ৰু কোন চিনিব নোৱাৰিলে এদিন এনেকৈ নি:শেষ হৈ যাব।নিজৰ ভাতৃকে আমি শত্ৰু জ্ঞান কৰি আজি তেওঁলোকৰ বিৰুদ্ধে থিয় হৈছো। অসমত বাংলাদেশৰ পৰা অহা ৫/৬লাখ মানুহক সংস্থাপনৰ বাবে এখন আইন আনিব বিচাৰিছে সেই খনৰ ইমান ভয়ংকৰ কৈ বিৰোধিতা কৰিছে যাক লৈ ৰাইজ শংকিত হৈছে। এনেকৈ থাকিলে এদিন অসমীয়া জাতি বাংলাদেশী মুছলমানৰ গোলাম হব। বাংলাদেশী মূলৰ মুছলমানেই হৈছে অসমীয়া জাতিৰ মূল শত্ৰু। আমি মোগলৰ বিৰুদ্ধে থিয় হম নে ?নে ভাতৃৰ বিৰুদ্ধে থিয় হৈ জাতিটোক ধ্বংস কৰিম ।অসমীয়া মানুহে নগাঁও সমষ্টি ,ৰহা, জাগীৰোড সমষ্টি উদ্ধাৰ কৰিব নোৱাৰে তাৰ কাৰণে লাগিব বেংগলী মানুহখিনি। অখিল গগৈয়ে সস্তীয়াা মন্তব্য দিব নাপায়।মন্ত্রী ৰাজেন গোহাঁইৰ লগতে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাইও ধলাৰ ঘটনাক তীব্ৰ গৰিহণা দি ঘটনাৰ উচিত তদন্ত কৰি দোষীক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ দাবী জনায় ।

Exit mobile version