গুৱাহাটী, ২৬ ছেপ্টেম্বৰঃ ধাৰাপুৰৰ এটা হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰী নিমিষা ঠাকুৰীয়াৰ মৃতদেহ উদ্ধাৰৰ ঘটনাক লৈ চাঞ্চল্য অব্যাহত আছে। ঘটনাৰ তদন্তৰ মাজতে আৰক্ষীয়ে আছিক আলী নামৰ ২৬ বছৰীয়া যুৱকজনক আটক কৰাৰ লগতে ‘RUDRA’S Kitchen’ নামৰ হোমষ্টেটোৰ গৰাকী জয়ন্ত সাথীকো আটক কৰিছে।প্ৰাথমিকভাৱে লাভ কৰা তথ্য অনুসৰি, আছিক আলী পেছাত এগৰাকী ৰেপিড’ চালক। আৰক্ষীৰ তদন্তত পোহৰলৈ অহা তথ্য অনুসৰি, নিমিষা আৰু আছিক সন্ধিয়া প্ৰায় ৬ বজাত হোমষ্টেটোত প্ৰৱেশ কৰিছিল। দুয়োজনে তাত ভাত আৰু Egg Curry অৰ্ডাৰ কৰিছিল। হোমষ্টেৰ কৰ্মচাৰীৰ মতে, আছিক আৰু নিমিষা ইয়ালৈ পূৰ্বেও আহিছিল।ইফালে, নিশাৰ সময়ছোৱাত হোমষ্টেত কি ঘটিছিল, সেই সন্দৰ্ভত তদন্তকাৰী সংস্থাই তথ্য সংগ্ৰহ কৰি আছে। অভিযোগ অনুসৰি, নিশা সুৰাপানৰো ঘটনা সংঘটিত হৈছিল। নিশা প্ৰায় ২ বজাত আছিকে হোমষ্টেৰ ৰান্ধনিক দুৱাৰত ঢকিয়াই জগাইছিল বুলি জানিব পৰা গৈছে।ইয়াৰ মাজতে নিমিষাৰ পৰিয়ালে কৰা অভিযোগে ঘটনাটোক অধিক ৰহস্যঘন কৰি তুলিছে। পিতৃৰ ভাষ্য অনুসৰি, নিশা প্ৰায় ২ বজাত নিমিষাই মাতৃলৈ ফোন কৰি অসহায় অৱস্থাত সহায় বিচাৰিছিল। পৰিয়ালৰ দাবী অনুসৰি, ফোনত তেওঁ কৈছিল— “মা, ইহঁতে মোক বুকুত গুৰিয়াইছে। উশাহ ল’ব পৰা নাই।”পৰিয়ালৰ মতে, সেই ফোনকলৰ পাছতে নিমিষাৰ মোবাইল ফোনটো বন্ধ হৈ যায়। ফোনত আন দুজন যুৱকৰ কথাও শুনা গৈছিল বুলি পিতৃয়ে দাবী কৰিছে। ঘটনাৰ বিষয়ে অৱগত হৈ পৰিয়ালৰ লোক আৰক্ষী থানাত উপস্থিত হয়।ইফালে, আৰক্ষীৰ অনুসন্ধানৰ সময়তে গড়লস্থিত ‘RUDRA’S Kitchen’ হোমষ্টেৰ পৰা নিমিষাক সংকটজনক অৱস্থাত উদ্ধাৰ কৰা হয়। নিশা প্ৰায় ৩ বজাত তেওঁক এম্বুলেঞ্চযোগে চিকিৎসালয়লৈ লৈ যোৱা হয়। জোন নামৰ এজন লোকে এম্বুলেঞ্চখনৰ বাবে ফোন কৰা বুলি জানিব পৰা গৈছে। নিমিষাৰ সৈতে আছিক আলীও চিকিৎসালয়লৈ গৈছিল বুলি সূত্ৰত প্ৰকাশ।প্ৰথমে তেওঁক গড়ল PHEলৈ নিয়া হয় আৰু পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে GMCHলৈ স্থানান্তৰ কৰা হয়। কিন্তু GMCHৰ চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।পৰিয়ালৰ লোকে নিমিষাৰ মুখত আঘাতৰ চিন দেখা পোৱা বুলি দাবী কৰিছে। অৱশ্যে আঘাতৰ প্ৰকৃতি আৰু মৃত্যুৰ সঠিক কাৰণ এতিয়াও আৰক্ষীৰ তদন্ত আৰু মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ সৈতে জড়িত।ধাৰাপুৰৰ স্থায়ী বাসিন্দা নিমিষা গুৱাহাটী বিশ্ববিদ্যালয়ৰ পাঁচ বছৰীয়া সংহত পাঠ্যক্ৰমৰ ছাত্ৰী আছিল। পৰিয়ালৰ মতে, তেওঁ সন্ধিয়া ঘৰৰ পৰা ওলাই গৈছিল আৰু নিশা এগৰাকী বন্ধুৰ সৈতে থকাৰ কথা জনাইছিল।বৰ্তমান আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা লাভ কৰা তথ্য, হোমষ্টেত সেই সময়ত উপস্থিত থকা লোকসকল, নিশাৰ সময়ছোৱাত সংঘটিত ঘটনাক্ৰম আৰু নিমিষাৰ মৃত্যুৰ সৈতে কোনো লোক জড়িত নেকি— সেই সকলো দিশ তদন্ত কৰি আছে।আৰক্ষীয়ে ইতিমধ্যে আছিক আলী আৰু হোমষ্টেৰ গৰাকী জয়ন্ত সাথীক আটক কৰিছে। ঘটনাটোৰ প্ৰকৃত কাৰণ আৰু মৃত্যুৰ আঁৰৰ সমগ্ৰ ঘটনাক্ৰম আৰক্ষীৰ তদন্ত সম্পূৰ্ণ হোৱাৰ পাছতহে স্পষ্ট হ’ব।উল্লেখ্য, নিমিষাৰ মৃত্যুক লৈ পৰিয়ালৰ ফালৰ পৰা গুৰুতৰ অভিযোগ উত্থাপন কৰা হৈছে যদিও অভিযোগসমূহৰ সকলো দিশ এই পৰ্যন্ত আৰক্ষী বা সংশ্লিষ্ট কৰ্তৃপক্ষই আনুষ্ঠানিকভাৱে নিশ্চিত কৰা নাই। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আৰু আৰক্ষীৰ তদন্তৰ পৰৱৰ্তী তথ্যই ঘটনাটোৰ অধিক স্পষ্ট ছবি দাঙি ধৰিব।
ধাৰাপুৰৰ হোমষ্টেত নিমিষাৰ মৃত্যু: আছিক আলী আৰু হোমষ্টেৰ গৰাকী আৰক্ষীৰ জিম্মাত, পোহৰলৈ আহিছে কেইবাটাও গুৰুত্বপূৰ্ণ তথ্য

