Site icon Guwahati Times

ধুবুৰীত হোজাইৰ প্ৰাক্তন বিজেপি বিধায়ক শিলাদিত্য দেৱৰ বিৰূদ্ধে এজাহাৰ দাখিল

অমিতাভ চক্ৰৱৰ্তী, ধুবুৰী, ১৫ জুলাই

হোজাইৰ প্ৰাক্তন বিজেপি বিধায়ক তথা বিজেপি নেতা শিলাদিত্য দেৱৰ বিৰূদ্ধে আজি এআইইউডিএফৰ ধুবুৰী জিলাৰ যুৱমৰ্চাই ধুবুৰী সদৰ থানাত এখন এজাহাৰ দাখিল কৰা হোৱা বুলি জানিব পৰা গৈছে।এজাহাৰখনত যোৱাকালি (১৪ জুলাইৰ দিনা) হোজাইৰ প্ৰাক্তন বিজেপি বিধায়ক গৰাকীয়ে সামাজিক মাধ্যমকে ধৰি সংবাদ মাধ্যমত ধুবুৰীৰ সাংসদ তথা এআইইউডিএফ চুপ্ৰিমো বদৰুদ্দিন আজমলৰ ওপৰত কৰা এক বিশেষ মন্তব্যই সাংসদগৰাকীৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰাৰ অভিযোগ কৰা হৈছে। দলটোৰ ধুবুৰী জিলা যুৱমৰ্চাৰ সভাপতি আজমল আলীয়ে দাখিল কৰা সেই এজাহাৰখনত শিলাদিত্য দেৱক শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰো দাবী জনোৱা হৈছে।

Exit mobile version