Site icon Guwahati Times

নগাঁও জিলাৰ জুৰীয়াত জাপানীজ এনকেফ্লাইটিছ ৰোগত মহিলাৰ মৃত্যু ৷

ৰাজ্যত জাপানীজ এনকেফ্লাইটিছ ৰোগত অাক্ৰান্ত হৈ ইতিমধ্যে কেইবাজনো লোকে প্ৰাণ হেৰুৱাৰ সময়তে জুৰীয়াত আজি এগৰাকী মহিলাৰ জাপানীজ এনকেফ্লাইটিছ ৰোগত আক্ৰান্ত হৈ আজি পুৱা মৃত্যু হয়।জুৰীয়া তেলিয়া বেবেজীয়া গাৱৰ ৰুকিয়া বেগম নামৰ মহিলা গৰাকী যোৱা কিছুদিন ধৰি জাপানীজ এনকেফ্লাইটিছত আক্ৰান্ত হৈ গুৱাহাটীৰ ৰহমান হস্পিটেলত চিকিৎসাধীন হৈ আছিল যদিও অৰ্থৰ অভাৱত পৰিয়ালৰ লোকে ঘৰলৈ ওভতাই আনিবলৈ বাধ্য হৈছিল।ঘৰতেই চিকিৎসাধীন অৱস্থাত মহিলা গৰাকীৰ মৃত্যু হয়। ইফালে জুৰীয়াৰ বিভিন্ন অঞ্চলত বহু লোক জ্বৰত ভূগি আছে । কিন্তু বিয়াগোম স্বাস্থ্য বিভাগে বৰ্তমানলৈকে এই অঞ্চল সমূহত কোনো ব্যৱস্থা গ্রহণ কৰা দেখা পোৱা নাই । স্বাস্থ্য বিভাগে যদি সঠিক সময়ত ব্যৱস্থা গ্রহণ নকৰে তেন্তে এই ৰোগে ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ সম্ভাৱনা আছে ।

Padum Bhuyan Report Guwahati Times

Exit mobile version