মোদী সূৰ্য, হিমন্ত বিশ্ব শৰ্মা চন্দ্ৰ। সূৰ্য থাকিলেহে চন্দ্ৰ জিলিকি থাকিব। নগাঁৱত নিৰ্বাচনী প্ৰচাৰৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সূৰ্যৰ সৈতে তুলনা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মোদীক সূৰ্যৰ লগত তুলনা কৰি নিজকে চন্দ্ৰ আখ্যা দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে।
আজি নগাঁৱৰ লোকসভাৰ প্ৰাৰ্থী সুৰেশ বৰাৰ মনোনয়ন দাখিল পৰ্বত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। এই উপলক্ষে ৰাইজক উদ্দেশ্যি দিয়া ভাষণত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘‘নগাঁৱৰ মোদী সুৰেশ বৰা। কংগ্ৰেছ দল এতিয়া পুৰণা নোটৰ দৰে। কংগ্ৰেছৰ প্ৰাৰ্থীক ভোট দিলেও আমাক একো দিব নোৱাৰে। কংগ্ৰেছৰ কথা চিন্তা কৰি লাভ নাই।’’
মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘‘আমাৰ চিন্তা কেৱল মোদীক প্ৰধানমন্ত্ৰী পতাহে। কংগ্ৰেছৰ কথা কৈ লাভ নাই। কংগ্ৰেছ পাম যোৱা ফুটবল। ৩টা বছৰত অসমৰ বহু উন্নয়ন হ’ল। আন্দোলন নোহোৱা হ’ল।’’
২৬ৰ নিৰ্বাচনৰ আগত সকলোৱে অৰুণোদয় পাব বুলিও উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে। লগতে ড০ শৰ্মাই কয়, লাহৰীঘাট, ধিং, মৈৰাবাৰীত মথাউৰি নিৰ্মাণ হ’ল। তিনিটা বছৰত বহু উন্নয়ন হ’ল অসমৰ।’’
উল্লেখযোগ্য যে সুৰেশ বৰাৰ মনোনয়ন দাখিল পৰ্বত অংশগ্ৰহণ কৰে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ লগতে মন্ত্ৰী অতুল বৰায়ো। লগতে ৰূপক শৰ্মা, জিতু গোস্বামীয়ে ধৰি কেইবাগৰাকীও বিধায়কে অংশগ্ৰহণ কৰে।

