Site icon Guwahati Times

নগাঁৱত যৌতুককলৈ চাঞ্চল্যকৰ ঘটনা

নগাঁৱত যৌতুককলৈ চাঞ্চল্যকৰ ঘটনা

নগাঁৱত পুনৰ যৌতুকৰ বাবে বোৱাৰী নিৰ্যাতনৰ ঘটনা ৷ ধন দাবী কৰা স্বামীয়ে পত্নীক মাৰপিট কৰাতে ক্ষান্ত নাথাকি নিজৰ দুমহীয়া কন্যা সন্তানক বিক্ৰী কৰাৰো ভাবুকি ৷ উপায়ন্তৰ হৈ স্বামীৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত গোচৰ তৰিলে নিৰ্যাতিতাই ৷ পিতৃ গৃহৰ পৰা পত্নীয়ে দাবী কৰা ধন আনি দিব নোৱাৰাৰ বাবে দুমহীয়া কন্যা সন্তান বিক্ৰী কৰাৰ পৰিকল্পনা কৰা এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হ’ল নগাঁৱৰ চুতীয়া গাঁৱত ৷ উৰিয়াগাঁৱৰ চুতীয়া গাঁৱৰ এই নীলোৎপল শইকীয়াৰ লগত এবছৰৰ পূৰ্বে প্ৰেম বিবাহ হৈছিল নগাঁও চহৰৰ হয়বৰগাঁৱৰ মধুস্মিতা বৰাৰ ৷ এখন সুখৰ সংসাৰ গঢ়াৰ সপোন বুকুত বান্ধি মধুস্মিতা পলাই গৈছিল নীলোৎপললৈ ৷ কিন্তু বিয়াৰ তিনিমাহ মানৰ পিছৰ পৰাই যৌতুক বিছাৰি নীলোৎপলে আৰম্ভ কৰে মধুস্মিতাৰ ওপৰত শাৰীৰিক আৰু মানসিক নিৰ্যাতন ৷ অকথ্য নিৰ্যাতনৰ পৰা ৰক্ষা পাবলৈ মাজে সময়ে পিতৃ গৃহৰ পৰা ধন নি অত্যাচাৰী স্বামীক দিবলৈ বাধ্য হৈছিল নিৰ্যাতিত এই দুৰ্ভগীয়া বোৱাৰী গৰাকীয়ে আৰু সকলো নিৰ্যাতন সহ্য কৰি দুমাহৰ পূৰ্বে জন্ম দিছিল এটি মৰম লগা কন্যা সন্তান ৷ কিন্তু শেহতীয়াকৈ দাবী কৰা ধন মধুস্মিতাই পিতৃ গৃহৰ পৰা আনি দিব নোৱাৰাৰ বাবে মাৰপিট কৰি ধনৰ বাবে নিজৰ কন্যা সন্তানক বিক্ৰী কৰি দিয়াৰ ভাবুকি দিয়ে অত্যাচাৰী স্বামী নীলোৎপলে ৷

ইতিমধ্যে নিৰ্যাতিতা বোৱাৰী গৰাকীয়ে দিয়া এজাহাৰৰ ভিত্তিত নগাঁৱৰ ইটাচালী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে নীলোৎপল শইকীয়াক ৷

নগাঁৱৰ পৰা আদিল শ্বাহ গুৱাহাটী টাইমচ।

Exit mobile version