নিউজ ব্যুৰ’,নগাঁও,৬ছেপ্টেম্বৰ:–নগাঁও জিলাৰ এক এতিহ্যমণ্ডিত শিক্ষানুষ্ঠান দক্ষিণপাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞানাগাৰ বাহক (বিয়েৰাৰ) প্ৰদীপ শইকীয়াই যোৱা ৩১ আগষ্টত কৰ্মজীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰে। শুক্ৰবাৰে বিদ্যালয়ৰ শৈক্ষিক তত্বাৱধায়ক অনিতা লস্কৰৰ সভাপতিত্বত প্ৰদীপ শইকীয়াৰ আনুষ্ঠানিক বিদায় সম্বৰ্ধনা সভাখনি অনুষ্ঠিত হয়। বিদ্যালয়ৰ শিক্ষয়িত্ৰী মণিষা বৰাই আঁত ধৰা আৰু শিক্ষয়িত্ৰী মমী বৰাই উদ্দেশ্য ব্যাখ্যা কৰা সভাত প্ৰাক্তন ভাৰপ্ৰাপ্ত অধ্যক্ষ যানী গোস্বামী, ভুৱনেশ্বৰ শইকীয়া,ৰাজ্যিক বঁটাপ্ৰাপ্ত শিক্ষক তথা বিদ্যালয়ৰ প্ৰাক্তন শৈক্ষিক তত্বাৱধায়ক লৱকান্ত শর্ম্মা,প্ৰাক্তন শিক্ষক টংকেশ্বৰ দাস,কৃষ্ণ কানাই ভূঞা,ৰতন সিংহ,ৰীণা হাজৰিকা,পদুম শৰ্মা,বিশ্বজিত শৰ্মা,দেবীকা বৰুৱা, কবিতা ভট্টাচাৰ্য,প্ৰাক্তন কৰ্মচাৰী বিনোদ বৰা আদিৰ লগতে বিদ্যালয়ৰ কৰ্মৰত শিক্ষক-শিক্ষয়িত্ৰী আৰু কৰ্মচাৰীসকল উপস্থিত থাকে। সভাত বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষকসকলৰ লগতে কৰ্মৰত শিক্ষক ৰঞ্জিত নাথ আৰু ৰুবা ফুকনে বক্তব্য আগবঢ়ায়। উল্লেখ্য যে সুদীৰ্ঘ কাল দক্ষিণপাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কৰ্মৰত প্ৰদীপ শইকীয়াই যোৱা ৩১ আগষ্টত কৰ্মজীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল ।
ঋতু পৰ্ণ শৰ্মা,নগাঁও

