Site icon Guwahati Times

নগাঁৱৰ “বটদ্ৰৱা সাংবাদিক সন্থা”ৰ কাৰ্যালয় গৃহৰ মুকলি অনুষ্ঠান

নিউজ ব্যুৰ’,নগাঁও,৩ছেপ্টেম্বৰ:–নগাঁও জিলাৰ পশ্চিমাঞ্চলৰ ঐতিহ্যমণ্ডিত বৃহত্তৰ বটদ্ৰৱা অঞ্চলৰ ছপা আৰু বৈদ্যুতিক মাধ্যমৰ সাংবাদিক সকলৰ উমৈহতীয়া মঞ্চ “বটদ্ৰৱা সাংবাদিক সন্থা”।

এই সাংবাদিক সন্থাৰ কাৰ্যালয় গৃহটি মঙলবাৰে আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। বটদ্ৰৱাৰ পুৰণি বাছ আস্থানত মাংগলিক অনুষ্ঠানৰ দ্বাৰা কাৰ্যালয়টি শুভাৰম্ভ কৰা হয়। সন্থাৰ কোষাধ্যক্ষ দিব্যজ্যোতি বৰুৱাই আঁত ধৰা অনুষ্ঠানটিত প্ৰথমে বন্তি প্ৰজ্বলন কৰে বটদ্ৰৱা থান পৰিচালনা সমিতিৰ প্ৰাক্তন সাধাৰণ সম্পাদক ইন্দ্ৰমোহন বৰুৱাই আৰু নাৰিকল ভাঙে বটদ্ৰৱা শ্ৰী শ্ৰী শংকৰদেৱ মহাবিদ্যালয়ৰ অধ্যক্ষ দেৱজিৎ মহন্তই তথা ফিটা কাটি গৃহটি মুকলি কৰে ধনীয়াভেটি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ৰফিকুল ইছলামে। ইয়াৰ পাছতে ইন্দ্ৰমোহন বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত বটদ্ৰৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বীৰেন কলিতা,মণিৰাম কলিতা, সমাজকৰ্মী মোহন বৰুৱাকে ধৰি বহু কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাৰ অঞ্চলৰ সংবাদসেৱাত ব্ৰতী নিষ্ঠাবান সাংবাদিকসকলৰ ত্যাগ,কষ্টৰ বাবে প্ৰশংসা কৰাৰ লগতে তেখেতসকলৰ উত্তৰোত্তৰ কামনা কৰে। অনুষ্ঠানত বটদ্ৰৱা সাংবাদিক সন্থাৰ সভাপতি নিতুমণি গোস্বামী,সম্পাদক মাজিদুল ইছলাম,অমৰজ্যোতি কলিতা,মোস্তাফা চেলিম আহমেদ,প্ৰাঞ্জল বৰা,নজৰুল ইছলাম,মোজ্জামিল হুক,শ্বাহ আলমকে আদি কৰি সাংবাদিকসকল আৰু স্থানীয় শতাধিক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

ঋতু পৰ্ণ শৰ্মা,নগাঁও

Exit mobile version