Site icon Guwahati Times

নগাঁৱৰ বৰজহাত যুৱ প্ৰশিক্ষক বিশ্বজিৎ মজুমদাৰক ইণ্ডিয়ান হিউমেনিটি ফাউণ্ডেশ্যনৰ “ভাৰতীয় নৃত্য গুৰু শিৰোমণি” সন্মান

নিউজ ব্যুৰ’,নগাঁও,৬ আগষ্ট :–নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ বৰজহাৰ সত্ৰীয়া নৃত্যৰ যুৱ প্ৰশিক্ষক বিশ্বজিৎ মজুমদাৰক ইণ্ডিয়ান হিউমেনিটি ফাউণ্ডেশ্যনে প্ৰদান কৰে “ভাৰতীয় নৃত্য গুৰু শিৰোমণি” সন্মান । শনিবাৰে গুৱাহাটীৰ জিলা পুথিভঁৰালত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় সংগীত আৰু নৃত্য মহোৎসৱত শিল্পীগৰাকীক এই বঁটা প্ৰদান কৰা হয় । সত্ৰীয়া নৃত্যৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে বিগত ডেৰ দশক ধৰি নগাঁও জিলাৰ এজন যুৱকে নিয়োগ কৰা শ্ৰমৰ বিনিময়ত এই সন্মান প্ৰদান কৰা হয় । নগাঁৱৰ বৰজহাৰ কমলাবাৰী শাখা সত্ৰৰ চৌহদত অৱস্থিত সমন্বয় সংগীত বিদ্যালয়ৰ অধ্যক্ষ বিশ্বজিৎ মজুমদাৰক এক গাম্ভীৰ্যপূৰ্ণ পৰিবেশত এই বঁটা প্ৰদান কৰে ইণ্ডিয়ান হিউমেনিটি ফাউণ্ডেশ্যনৰ অনুষ্ঠান সঞ্চালক ডেৰাদুনৰ নবীন শৰ্মাই । ৩৫ বছৰীয়া যুৱক বিশ্বজিৎ মজুমদাৰে ১৬ বছৰ বয়সৰ পৰাই নগাঁও জিলাৰ বেবেজীয়া,দক্ষিণপাট,ধিং আৰু বটদ্ৰৱা অঞ্চলৰ তৰুণ প্ৰজন্মৰ প্ৰতিনিধিসকলক সত্ৰীয়া নৃত্য আৰু খোলবাদনৰ প্ৰশিক্ষণ প্ৰদান কৰি আহিছে । পাঁচশৰো অধিক শিক্ষাৰ্থীক এই বিষয়ত পৰিপক্ক কৰি তোলা বিশ্বজিৎ মজুমদাৰ বৰ্তমান নগাঁওবাসীৰ বাবে এটি পৰিচিত নাম ।শৈশৱতেই সত্ৰপীঠ মাজুলীৰ সত্ৰীয়া গুৰু মুহিধৰ বৰাৰ তত্বাৱধানত সত্ৰীয়া নৃত্য আৰু খোলবাদনৰ প্ৰশিক্ষণ গ্ৰহণ কৰা বিশ্বজিৎ মজুমদাৰে বৰ্তমানেও ইয়াৰ প্ৰণালীবদ্ধ অধ্যয়নত আত্মনিয়োগ কৰি আহিছে । উল্লেখ্য যে গুৱাহাটীৰ জিলা পুথিভঁৰালত শনিবাৰে অনুষ্ঠিত হৈ যোৱা এই আন্তঃৰাষ্ট্ৰীয় সংগীত আৰু নৃত্য মহোৎসৱত নগাঁৱৰ সমন্বয় সংগীত বিদ্যালয়ৰ দলটিয়ে ভোৰতাল নৃত্য পৰিবেশন কৰি “জয় মা কামাখ্যা সংগম” শীৰ্ষক ভাৰতীয় কলা মহোৎসৱৰ শুভ উদ্বোধন কৰে ।

ঋতু পৰ্ণ শৰ্মা,নগাঁও

Exit mobile version