Site icon Guwahati Times

নগাঁৱৰ সমাজ কৰ্মী আৰু সাংবাদিকে আগবঢ়ালে হৰি দাসলৈ আৰ্থিক সাহায্য….

বুধবাৰে সদৌ অসম সাংবাদিক কল্যান ন্যাসৰ উদ্যোগত আৰু দৈনন্দিন বাৰ্তা গোষ্ঠীৰ মাতৃ সংগঠন আলোকপ্ৰভঞ্জন ৱেল ফেয়াৰ চচাইটিৰ সহযোগত নগাঁৱৰ কেইগৰাকী মান সমাজ কৰ্মী আৰু সাংবাদিকে আগবঢ়ালে হৰি দাসলৈ আৰ্থিক সাহায্য।

কিছুদিন পূৰ্বে ৰাতিপুৱা নগাঁৱৰ ৰাজপথত গাত বগা সাজ আৰু খালি ভৰিৰে চাইকেলৰ কেৰিয়াৰত খবৰ কাগজ কঢ়িয়াই মানুহৰ ঘৰে ঘৰে বিলাই থকাৰ বাতৰি প্ৰচাৰ হৈছিল।

জীয়াই থকাৰ হেঁপাহ আৰু পেটৰ তাড়নাত হৰি দাসে পিতৃৰ বিয়োগৰ ৪ দিনৰ পাছৰে পৰা খালি ভৰি আৰু বগা সাজেৰে পেটত ভোক লৈ বিলাই গৈছিল খবৰ কাগজ।

বুধবাৰে হৰি দাসৰ পিতৃৰ বিয়োগৰ ১০ দিন।

পিতৃৰ আদ্যশ্ৰাদ্ধত সহায় হোৱাকৈ বুধবাৰে হৰি দাসক প্ৰদান কৰা হয় আৰ্থিক সাহায্য।

বিগত ১৭ বছৰৰ পৰায়ে এইটো উৰুঙা পঁজাতেই জীৱন নিৰ্বাহ কৰি আহিছে হৰি দাস, হৰি দাসৰ জ্যেষ্ঠ ভাতৃ আৰু মাতৃয়ে।

চৰকাৰৰ কোনো আঁচনীয়ে আজিলৈকে ঢুকি পোৱা নাই হৰি দাসৰ দুৰ্ভগীয়া পৰিয়ালটোক।

আৰ্থিক সাহায্য লাভ কৰি উৎফুল্লিত হৈ পৰে হৰি দাসৰ লগতে হৰি দাসৰ পৰিয়ালটোৱে।

Exit mobile version