Site icon Guwahati Times

নলবাৰীত জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, বিশিষ্ট শিক্ষাবিদ-সাহিত্যিক হেমন্ত কুমাৰ দত্তৰ মৃত্যু শোক

নলবাৰীত জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, বিশিষ্ট শিক্ষাবিদ-সাহিত্যিক হেমন্ত কুমাৰ দত্তৰ মৃত্যু শোক

নলবাৰী:নলবাৰী জিলা জ্যেষ্ঠ নাগৰিক সন্থাৰ সভাপতি, নলবাৰী বাণিজ্যিক মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি, জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, নলবাৰী মহেন্দ্ৰ নাৰায়ণ চৌধুৰী বালিকা মহাবিদ্যালয়ৰ ইংৰাজী বিষয়ৰ অৱসৰ প্ৰাপ্ত মুৰব্বী অধ্যাপক হেমন্ত কুমাৰ দত্তৰ (৭২ ) মঙলবাৰে নিশা পৰলোকপ্ৰাপ্তি ঘটে । বৃক্ক জনীত ৰোগত আক্ৰান্ত দত্তক যোৱা ৪ ছেপ্টেম্বৰতে গুৱাহাটী হায়াত হস্পিতালত ভৰ্তি কৰা হৈছিল যদিও স্বাস্থ্যৰ অধিক অৱনতি ঘটি মঙলবাৰে নিশা ৯- ১০ বজাত চিকিৎসাধীন অৱস্থাতে ইহ সংসাৰ ত্যাগ কৰে। তেওঁৰ মৃত্যুত সমগ্ৰ জিলাখনতে গভীৰ শোকৰ ছাঁ পৰিছে।প্ৰয়াত দত্তই শৈক্ষিক দিশতে নহয় সাহিত্য সাধনাৰে কেইবাখনো গ্ৰন্থ প্ৰকাশ কৰি সাহিত্যৰ ভৰালো টনকিয়াল কৰাৰ লগতে বিভিন্ন সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে মৃত্যুৰ আগলৈকে জড়িত থাকি সমাজখনকো এক নতুনত্বৰ সন্ধান দি থৈ গৈছে। বিশিষ্ট শিক্ষাবিদ গৰাকীৰ মৃত্যুত নলবাৰীৰ বিভিন্ন দল সংগঠনে শোক প্ৰকাশ কৰাৰ লগতে সমবেদনা জনায়। মৃত্যুৰ সময়ত দত্তই নলবাৰী জিলা বিজেপিৰ কোষাধ্যক্ষ ধ্ৰুৱজ্যোতি দত্ত সহ দুই পুত্ৰ, এগৰাকী কন্যা সহ অজস্ৰ গুণমুগ্ধক ইহ সংসাৰত এৰি থৈ যায়। ইফালে যোৱা কালি জিলা সাংবাদিক সন্থাৰ উদ্যোগত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান কৰা হয়।

Exit mobile version