নলবাৰীত দুই সাংসদ দিলীপ শইকীয়া আৰু কুইন ওঝাক উষ্ম সম্বৰ্ধনা বিজেপি আৰু দল- সংগঠনে

1 min read

মঙ্গলদৈ লোকসভা সমষ্টিৰ নব নিৰ্বাচিত সাংসদ দিলীপ শইকীয়া আৰু গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজাক ৰবিবাৰে নলবাৰী নাট্য মন্দিৰত নলবাৰী জিলা বিজেপিয়ে আয়োজন কৰা এক সম্বৰ্ধনা অনুষ্ঠানত উষ্ম সম্বৰ্ধনা জনোৱা হয়। নলবাৰী জিলা বিজেপিৰ লগতে বিভিন্ন দল সংগঠনে দুয়োগৰাকী সাংসদকে উষ্ম সম্বৰ্ধনা জনায়। নলবাৰী জিলা বিজেপিৰ সভাপতি বনদ্বীপ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত উদ্যোগ আৰু পৰিবহন মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী, বিধায়ক অশোক শৰ্মা, জিলা পৰিষদৰ সভাপতি নিতুল ডেকা ,নলবাৰী পৌৰ সভাৰ সভানেত্ৰী বিপাসা দাস , জিলা বিজেপিৰ উপ সভাপতি অপুৰ্ব শৰ্মা আদি বহু কেইজন লোক উপস্থিত থাকে । ইপিনে এইদৰে সকলোৰে সম্বৰ্ধনা গ্ৰহণ কৰি নব নিৰ্বাচিত সাংসদ দিলীপ শইকীয়াই ভাষণ প্ৰদান কৰি কয় যে- তেওঁ নলবাৰীৰ লগতে মঙ্গলদৈ সমষ্টিৰ সমস্যা সমাধানৰ বাবে দিল্লীত সক্ৰিয় ভূমিকা গ্ৰহণ কৰিব । উন্নয়নৰ ওপৰত সৰ্বাধিক গুৰুত্ত দি জনসাধাৰণৰ সমস্যা সমাধানৰ ক্ষেত্ৰত তেওঁ আগন্তুক পাঁচটা বছৰত কাম কৰি যাব বুলিও সদৰী কৰে।একেদৰে সাংসদ পুজিৰ ধন একেদিনাই সমভাবে বিতৰণ কৰা হব বুলিও এই সভাতে শইকীয়াই প্ৰতিশ্ৰুতি দিয়ে । ইপিনে কুইন ওঝাই কয় যে-তেওঁ ৰাইজৰ সমস্যাৰ প্ৰতি সদায় সজাগ আৰু বৰক্ষেত্ৰী সমষ্টিতো উন্নয়নৰ ওপৰত গুৰুত্ব দিব।এই সভাত ভাষণ দি পৰিবহণ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে কয় যে-আমি বুধিয়ক বা নেতা নহয়।ভোটাৰ ৰাইজহে বুধিয়ক আৰু নেতা।কাৰণ এইবাৰৰ নিৰ্বাচনত ভোটাৰ ৰাইজে নিজৰ জনাদেশ প্ৰকাশ কৰি পুনৰ দ্বিতীয়বৰৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হাতত ভাৰতৰ শাসন ব্যৱস্থা গোটাই দিছে। নিশ্চিত কেন্দ্ৰৰ মোডী নেতৃত্বাধীন বিজেপি চৰকাৰৰ উন্নয়ন -বিকাশ আৰু দেশৰ সুৰক্ষাত ক্ৰতি নকৰাৰ সুফল বুলি দোহাৰে মন্ত্ৰী পাটোৱাৰী ।

You May Also Like

More From Author