নলবাৰীত সাংস্কৃতিক শিক্ষা কেন্দ্ৰ মুকলি

1 min read

নলবাৰীঃ নলবাৰীৰ অন্যতম সাংস্কৃতিক অনুষ্ঠান ‘ ন-পুৰণি শিল্পী’য়ে ৰবিবাৰে নলবাৰী জিলাৰ কাজিপাৰাত ‘ ৰংগতীৰ্থ: থিয়েটাৰ স্পেছ এণ্ড স্কুল’ নামেৰে এটি সাংস্কৃতিক শিক্ষা কেন্দ্ৰ মুকলি কৰে। ধৰণীধৰ বৰ্মন ক্ষেত্ৰত এই উপলক্ষে অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত কেন্দ্ৰটো আনুষ্ঠানিকভাৱে মুকলি কৰে বিশিষ্ট নাট্যকৰ্মী পবিন শৰ্মাই‌। উদ্বোধনী ভাষণ প্ৰসংগত তেওঁ এই কেন্দ্ৰটিত নাট্য শিল্পৰ প্ৰতি আগ্ৰহী ন-শিকাৰুসকলে পদ্ধতিগতভাবে শিক্ষা গ্ৰহণ কৰিব পাৰিব বুলি আশা প্ৰকাশ কৰে‌ । যুৱনেতা দিগন্ত মিশ্ৰই আঁত ধৰা অনুষ্ঠানত নলবাৰী কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যাপক অমৰ নায়ক, সাংবাদিক জিতেন শৰ্মা, নাট্যকাৰ সতীশ দাসেও শুভেচ্ছামূলক ভাষণ দিয়ে। সভাত নৱ প্ৰতিষ্ঠিত কেন্দ্ৰটোৰ মূল উদ্যোক্তা ধ্ৰুৱ বৰ্মনে কেন্দ্ৰটোৰ উদ্দেশ্য আৰু কাৰ্যপদ্ধতি ব্যাখ্যা কৰে। অনুষ্ঠানত নন্দকিশোৰ ভূঞাই দুটি গীত পৰিবেশন কৰে। আদিতে কৃতী শিক্ষক তথা বিশিষ্ট নাট্যকৰ্মী ধৰণীধৰ বৰ্মনৰ প্ৰতিকৃতিৰ সম্মুখত বন্তি প্ৰজ্বলন কৰে বিকাশ কাজি আৰু মইনুল হকে। নতুন কেন্দ্ৰটোৰ মঞ্চতে নলবাৰীৰ শিক্ষা, সংস্কৃতি, সাহিত্য ক্ষেত্ৰৰ বহু লোকৰ উপস্থিতিত পাপৰি মেধিয়ে ‘এন্টিগণি’ শীৰ্ষক নাটখন পৰিবেশন কৰি সকলোকে মুগ্ধ কৰে।

Staff Report -GTM

You May Also Like

More From Author