Site icon Guwahati Times

নলবাৰীৰ এডিচি ডাঃ বেদাংগ তালুকদাৰৰ আকস্মিক মৃত্যু

অসমৰ এগৰাকী জ্যেষ্ঠ প্ৰশাসনিক বিষয়া, সম্প্ৰতি নলবাৰী জিলাৰ অতিৰিক্ত উপায়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰা ডাঃ বেদাংগ তালুকদাৰ (Dr Bedanga Talukdar) ৰ আকস্মিক দেহাৱসান।

মৃত্যুৰ সময়ত তেওঁ বয়স হৈছিল ৪৬ বছৰ।

জানিব পৰা মতে, তেওঁ বিগত কিছুদিন ধৰি যকৃতৰ ৰােগত ভুগি আছিল।

সােমবাৰে নতুন দিল্লীত চিকিৎসাধীন অৱস্থাতে তেওঁ শেষ নিস্বাস ত্যাগ কৰে।

নলবাৰীৰ অতিৰিক্ত উপায়ুক্ত হিচাপে নিযুক্ত হােৱাৰ পূৰ্বে তেওঁ কমলপুৰ ৰাজহচক্ৰৰ ৰাজহচক্ৰ বিষয়া, ৰঙিয়া মহকুমাৰ মহকুমাধিপতি, গােলাঘাট জিলাৰ অতিৰিক্ত সহায়ক আয়ুক্ত, তামুলপুৰৰ অতিৰিক্ত উপায়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ দক্ষতাৰে কাৰ্যনিৰ্বাহ কৰিছিল।

তেওঁৰ আকস্মিক দেহাৱসানৰ খবৰে আত্মীয়-কুটুম্বৰ লগতে তেওঁ কাৰ্যনিৰ্বাহ কৰা অঞ্চলৰ ৰাইজৰ মাজতাে গভীৰ শােকৰ ছাঁ পেলাইছে।

Exit mobile version