Site icon Guwahati Times

নলবাৰীৰ বানাক্ৰান্তৰ মাজত বান সাহায্য বিতৰন বিজেপি কিষান মৰ্চাৰ

নলবাৰী,১৭ জুলাইঃ বানে বিধ্বস্ত কৰা
নলবাৰী জিলাৰ বালিতাৰা,ধমধমা,পূৱ বালিতৰা অাৰু হাতি নমাটিত অাজি নলবাৰী ভাৰতীয় জনতা পাৰ্টিৰ কিষান মৰ্চাৰ নলবাৰী জিলা সমিতিয়ে কিছু বান সাহায্য বিতৰন কৰে ।বানাক্ৰান্ত সকলৰ খা-খবৰ লোৱাৰ উপৰিও তেওলোকৰ মাজত বিস্কুত,কেক,পানীৰ বতলৰ লগতে কিছু চাউল অাৰু চিৰা বিতৰন কৰে । বানাক্ৰান্তৰ মাজত নলবাৰী জিলা বিজেপিৰ কিষান মৰ্চাৰ সভাপতি ধনেশ্বৰ ডেকা, সম্পাদক সঞ্জীত ডেকা (ৰাহুল ৰাজ) বিজুমনি হালৈ, উপ-সভাপতি মনোজ ভট্ৰ, কোষাধক্ষ অমিত জালান সহ ভালে সংখ্যক বিজেপি দলৰ দলীয় কৰ্মী উপস্থিত থাকে ।

Exit mobile version